গুৱাহাটী,১৮ ছেপ্টেম্বৰ: অসম প্রদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰক ‘ভাৰত জোড়ো যাত্রা’(Bharat Jodo Yatra) অসমৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি (Assam state coordinator appointed) দিয়া হৈছে । 'ভাৰত জোড়ো যাত্রা’ৰ অধ্যক্ষ (President of Bharat Jodo Yatra) দিগ্বিজয় সিঙৰ(Digvijaya Singh) অনুমোদন সাপেক্ষে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তত্বাবধায়ক জিতেন্দ্র সিঙে আনুষ্ঠানকভাৱে বৰঠাকুৰক এই দায়িত্ব প্ৰদান কৰিছে ।
ৰমেন বৰঠাকুৰক ভাৰত জোড়ো যাত্রা অসমৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব - ভাৰত জোড়ো যাত্রা
১ নবেম্বৰৰ পৰা অসমতো(Bharat Jodo Yatra in Assam) ‘ভাৰত জোড়ো যাত্রা-অসম’ কাৰ্যসূচী আৰম্ভ হ’ব । সেয়েহে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰক ‘ভাৰত জোড়ো যাত্রা’(Bharat Jodo Yatra) অসমৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি (Assam state coordinator appointed)দিয়া হৈছে ।
ভাৰত জোড়ো যাত্রা অসমৰ ৰাজ্যিক সমন্বয়ক নিযুক্তি
উল্লেখ্য় যে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলি থকা মূল ‘ভাৰত জোড়ো যাত্ৰা’ৰ সমান্তৰালকৈ ১ নবেম্বৰৰ পৰা অসমতো(Bharat Jodo Yatra in Assam) ‘ভাৰত জোড়ো যাত্রা-অসম’ কাৰ্যসূচী আৰম্ভ হ’ব । ধুবুৰীৰ পৰা শদিয়ালৈকে মুঠ প্রায় ৮০০ কিলোমিটাৰ পথ সামৰি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে (Assam Pradesh Congress Committee) এই যাত্ৰাৰ পৰিকল্পনা কৰিছে ।
লগতে পঢ়ক:নিযুক্তি কেলেংকাৰীত জড়িতসকলৰ পিঠি ফালিবলৈ আহ্বান নিবনুৱা সন্থাৰ