অসম

assam

ETV Bharat / state

Recruitment Test cancelled: এপিডিচিএলে হঠাৎ বাতিল কৰিলে সাক্ষাৎকাৰ; ক্ষুব্ধ প্ৰাৰ্থীৰ প্ৰতিবাদ - APDCL recruitment test cancelled

এপিডিচিএলৰ ডাটা এনালিষ্ট পদৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰ বাতিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ সাক্ষাৎকাৰৰ বাবে অহা যুৱক-যুৱতীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

Apdcl suddenly cancelled data analyst recruitment
সাক্ষাৎকাৰ বাতিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Jul 7, 2023, 7:27 AM IST

হঠাৎ বাতিল কৰিলে সাক্ষাৎকাৰ

গুৱাহাটী, ৭ জুলাই :এপিডিচিএলৰ ডাটা এনালিষ্ট পদৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰ বাতিলক কেন্দ্ৰ কৰি নাৰেঙ্গীস্থিত এপিডিচিএলৰ আবাসীক এলেকাত উত্তপ্ত পৰিস্থিতি ৷ সাক্ষাৎকাৰৰ বাবে অহা যুৱক-যুৱতীয়ে সাক্ষাৎকাৰ বাতিলক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ প্ৰাৰ্থীৰ ৷

কোনো আগতীয়া জাননী নিদিয়াকৈ হঠাৎ এপিডিচিএল কৰ্তৃপক্ষই ডাটা এনালিষ্ট পদৰ সাক্ষাৎকাৰ বাতিল কৰা বুলি ঘোষণা কৰাত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাক্ষাৎকাৰৰ বাবে উপস্থিত হোৱা নিবনুৱা যুৱক-যুৱতীসকল ৷ এপিডিচিএল কৰ্তৃপক্ষৰ এনে অবিবেচক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি সাক্ষাৎকাৰ পুনৰ অনুষ্ঠিত কৰাৰ দাবীৰে সাক্ষাৎকাৰৰ বাবে অহা যুৱক-যুৱতীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এপিডিচিএলে ছটা ডাটা এনালিষ্ট পদৰ বাবে প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন প্ৰচাৰ কৰিছিল ৷ সেই অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সহস্ৰাধিক নিবনুৱা যুৱক-যুৱতীয়ে এই পদৰ বাবে আবেদন কৰে ৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি নিৰ্ধাৰণ কৰি থোৱা সাক্ষাৎকাৰৰ সময় আছিল 6 জুলাইৰ পুৱা 9.30 বজাত ৷ সেই অনুসৰি নাৰেঙ্গীস্থিত এপিডিচিএলৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈছিল সাক্ষাৎকাৰৰ বাবে অহা সহস্ৰাধিক যুৱক-যুৱতী ৷

লগতে পঢ়ক :Price Hike in Assam: মন্ত্ৰী ৰণজিৎ দাসৰ শৱদেহ কঢ়িয়াই অভিনৱ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ

কিন্তু পুৱা ৯:৩০ বজাতে অনুষ্ঠিত হ’ব লগা সাক্ষাৎকাৰৰ বাবে ১১:৩০ বজালৈ পৰীক্ষা কেন্দ্ৰ নোখোলাত নিবনুৱা যুৱক-যুৱতী সকল উত্তেজিত হৈ পৰে ৷ বহু সময়ৰ পিছত পৰীক্ষা কেন্দ্ৰটোত এগৰাকী মহিলা বিষয়া উপস্থিত হয় যদিও হঠাৎ পৰীক্ষা বাতিল হোৱা বুলি জানিব পাৰি প্ৰাৰ্থীসকল আৰু অধিক উত্তেজিত হৈ পৰে ৷ আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ সাক্ষাৎকাৰ হঠাৎ বাতিল কৰাত ক্ষুব্ধ হৈ পৰে প্ৰাৰ্থীসকল ৷ অৱশ্যে মহিলা বিষয়াগৰাকীয়ে পৰীক্ষাৰ বাবে অহা প্ৰাৰ্থীসকলক বুজনি দি কোনোমতে শান্ত কৰাত পৰিস্থিতি শাম কাটে ৷

লগতে পঢ়ক :Irresponsibility of electricity department : বিদ‍্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতা, বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান

ABOUT THE AUTHOR

...view details