নিউজ ডেস্ক, 12 অক্টোবৰ :আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ ৷ কিন্তু দুৰ্গা পূজাৰ আনন্দৰ মাজতে অসম শক্তি বিতৰণ কোম্পানী (APDCL)ৰ মুখ্য প্ৰৱন্ধকে বিজ্ঞাপনযোগে প্ৰকাশ কৰিছিল এক জাননী ৷ জাননী অনুসৰি ৰাজ্যত পূজাৰ সময়ছোৱাত লোড শ্বেডিং হ’ব পাৰে বুলি প্ৰকাশ কৰিছিল ৷ গতিকে সাৱধানতা তথা মিতব্যয়িতাৰে ৰাইজক এই জাননীযোগে আহ্বান জনাইছিল বিভাগটোৱে ৷
দেশৰ তাপ-বিদ্যুৎ প্ৰকল্পসমূহত পৰ্যাপ্ত কয়লাৰ নাটনিৰ বাবে ৰাজ্যৰ বিদ্যুৎখণ্ডত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে ৷ এই জাননীখনক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলা দেখা গৈছে ৷ কিন্তু এই বিষয়ক লৈ শক্তিমন্ত্ৰী বিমল বৰাই ৰাইজক আশ্বাস প্ৰদান কৰি কয় পূজাৰ বতৰত ৰাইজে বিদ্যুতৰ পৰা বঞ্চিত হ’ব নলগাৰ বাবে বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি জনায় ৷