অসম

assam

ETV Bharat / state

ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা: লোকচানৰ পৰা ৩০০ কোটি টকা লাভ - APDCL become profit making organization during Himanta Biswa Sarma tenure

শক্তি বিভাগক নতুন গতি প্ৰদানৰ পাছত এইবাৰ মন্ত্ৰী বিমল বড়াক উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ গুৰু দায়িত্ব দিয়া হৈছে । নতুন মন্ত্ৰী নন্দিতা গাৰ্লোচাক দিয়া হ'ল গতিশীল শক্তি বিভাগৰ দায়িত্ব । ২০২১-২২ বিত্তীয় বৰ্ষত ৩০০ কোটি টকাৰ লাভ অৰ্জনেৰে লাভজনক প্ৰতিষ্ঠানত পৰিণত অসম শক্তি বিতৰণ কোম্পানী । ১,২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে নীতি প্ৰস্তুত ।

ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা : লোকচানৰ পৰা ৩০০ কোটি টকা লাভ
ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা : লোকচানৰ পৰা ৩০০ কোটি টকা লাভ

By

Published : Jun 10, 2022, 3:13 PM IST

গুৱাহাটী, 10 জুন:মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত ৰাজ্যৰ শক্তি বিভাগত নতুন দিগন্তৰ সূচনা হোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি । বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা শক্তি বিভাগটোৱে অৱশেষত লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে (APDCL has become a profitable company) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তদাৰকত শক্তি মন্ত্ৰী বিমল বড়াই দিনে-নিশাই বিভাগটোৰ হকে কাম কৰাৰ পাছত শেহতীয়াকৈ এটা লাভজনক প্ৰতিষ্ঠানলৈ পৰিণত হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল ।

ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা : লোকচানৰ পৰা ৩০০ কোটি টকা লাভ

ক’বলৈ গ'লে লোকচানৰ পৰা লাভমুখী যাত্ৰা আৰম্ভ কৰিছে বিভাগটোৱে । আনহাতে নতুন নতুন প্ৰকল্প ৰূপায়ণেৰে শক্তি বিভাগে ৰাজ্যৰ অৰ্থনীতিত অনাগত দিনত বৃহৎ অৰিহণা যোগোৱাৰ ক্ষেত্ৰত দৃঢ়তাৰে খোজ আগবঢ়োৱা পৰিলক্ষিত হৈছে । শক্তি বিভাগক এক নতুন গতি প্ৰদানৰ পাছত এইবাৰ মন্ত্ৰী বিমল বড়াক উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ গুৰু দায়িত্ব দিয়া হৈছে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত দুই নতুন মন্ত্ৰী অন্তৰ্ভুক্ত হোৱাৰ পাছত মন্ত্ৰীৰ সপ্তৰৰ সাল-সলনি কৰা হয় । সেই অনুসৰি নতুনকৈ মন্ত্ৰীসভাত স্থান পোৱা নন্দিতা গাৰ্লোচাক শক্তি বিভাগৰ দায়িত্ব দিয়া হয় । আনহাতে শক্তি বিভাগ আঁতৰাই মন্ত্ৰী বিমল বড়াক উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দায়িত্ব দিয়া হয় (Bimal Bora appointed as new Industry minister) ।

শক্তি বিভাগৰ দৰে ৰাজ্যৰ অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰা এই উদ্যোগ বিভাগটোকো গতিশীলতা প্ৰদান কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিমল বড়াৰ ওপৰত ন্যস্ত কৰিছে । ইফালে মন্ত্ৰী বিমল বড়াই শেহতীয়াকৈ এটা লাভজনক প্ৰতিষ্ঠানলৈ পৰিণত কৰা শক্তি বিভাগটোক নতুন মন্ত্ৰী নন্দিতা গাৰ্লোচাই কিদৰে আগুৱাই নিয়ে সেয়া লক্ষণীয় হ'ব । উল্লেখ্য যে ২০০৯ চনত গঠন হোৱাৰ পাছৰে পৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে নিৰন্তৰ লোকচানৰ সন্মুখীন হৈ আহিছিল । গ্ৰাহকসকলৰ এটা বৃহৎ অংশই তেওঁলোকৰ বিদ্যুতৰ বিল সময়মতে পৰিশোধ নকৰাত আৰু বিদ্যুৎ চুৰিৰ দৰে কার্য সংঘটিত হোৱাৰ ফলত কোম্পানীটোৰ অৱস্থা একপ্ৰকাৰ লাওলোৱা হৈ পৰিছিল ।

কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছতেই ড৹ হিমন্ত বিশ্ব শৰ্মাই নিশকতীয়া শক্তি বিভাগটোক শক্তিশালী কৰি তোলা হ’ব বুলি ঘোষণা কৰি কেতবোৰ কৌশলী পদক্ষেপ গ্ৰহণ কৰিছিল (APDCL become profit making organization during Himanta Biswa Sarma tenure)। সেই অনুসৰি শক্তি মন্ত্ৰী বিমল বড়াই যেতিয়াৰ পৰা ৰাজহ বৃদ্ধি, পুৰণি বকেয়া পুনৰুদ্ধাৰ, গ্ৰাহকৰ বকেয়া বিল পৰিশোধৰ বাবে সু-নিৰ্দিষ্ট ব্যৱস্থা আৰু বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে, তেতিয়াৰে পৰাই ক’বলৈ গ'লে এ পি ডি চি এলৰ এক নতুন যাত্ৰাৰ আৰম্ভণি হ’ল । আনকি ২০২১-২২ বিত্তীয় বৰ্ষত এ পি ডি চি এলে ৩০০ কোটি টকাৰ লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে । অথচ ২০২০-২১ বিত্তীয় বৰ্ষত কোম্পানীটোৰ লোকচানৰ পৰিমাণ আছিল ২৯২ কোটি টকা ।

ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা : লোকচানৰ পৰা ৩০০ কোটি টকা লাভ

জানিব পৰা মতে এক লাভজনক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্যৰ ৬৬ লাখ গ্ৰাহকৰ তথ্য সংগ্ৰহেৰে ডাটাবেছ সৃষ্টি কৰাৰ লগতে লোকচান হ্ৰাস কৰাৰ বাবে বিলিং প্ৰণালীৰ উন্নীতকৰণ ব্যৱস্থা হাতত লৈছে প্ৰতিষ্ঠানটোৱে । তদুপৰি ২০২৫ চনৰ ভিতৰত সমগ্ৰ ৰাজ্যত স্মার্ট মিটাৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । বৰ্তমানলৈকে প্ৰায় ১০ লাখ স্মার্ট মিটাৰিঙৰ কাম সম্পূৰ্ণ হৈছে । আনহাতে বিদ্যুতৰ মাচুল নিদিয়াসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে । আনকি বিদ্যুতৰ বিল আদায় নিদিয়া চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা পোনপটীয়াকৈ বিদ্যুতৰ বিল কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ।

একেদৰে বিদ্যুৎ চোৰ কৰাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে জৰিমনা বিহাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে বিল পৰিশোধ নকৰা গ্ৰাহকসকলৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ফলত ৰাজহ সংগ্ৰহ দ্ৰুত গতিত বৃদ্ধি পায় । বিগত বৰ্ষৰ জুলাই মাহত এ পি ডি চি এলে ৭৫০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰিবলৈকো সক্ষম হয় (APDCL collected 750 crores review in last year July) । ইয়াৰ উপৰি বকেয়া বিল পৰিশোধৰ ক্ষেত্ৰত বিশেষ আঁচনি হাতত লৈ ২০২২ চনৰ মাৰ্চলৈকে এই আঁচনিখনৰ জৰিয়তে ৩৬১ কোটি টকা ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে ২০২১ চনৰ জুন মাহৰ পৰা ২০২২ বৰ্ষৰ মাৰ্চলৈকে ১০২ শতাংশ ৰাজহ সংগ্ৰহ কৰিছে ।

ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা : লোকচানৰ পৰা ৩০০ কোটি টকা লাভ

এই সময়ছোৱাত ৰাজহ পাওনা ৫,৬৫৯ কোটি টকা আছিল যদিও জৰিমনা, বকেয়াসহ সংগ্ৰহ হৈছে ৬,০৫৪ কোটি টকা । বিগত বৰ্ষৰ জুনৰ পৰা ৰাজ্য চৰকাৰৰ ৯ টা বিভাগেও ১৬২.২৮ কোটি টকা আদায় দিছে । মন কৰিবলগীয়া কথা যে অসমত বিদ্যুতৰ সৰ্বাধিক চাহিদা হৈছে ২,১০০ মেগাৱাট । আনহাতে ৰাজ্যখনৰ নিজা উৎপাদন হয় মাত্ৰ ২৪০-৩০০ মেগাৱাটহে । যাৰ বাবে বিদ্যুৎ ক্ৰয় কৰোঁতেই প্ৰতি বছৰে এক বৃহৎ অংকৰ ধন ওলাই যায় । সেয়েহে ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ নিজা উৎপাদন বৃদ্ধিত সৰ্বাধিক গুৰুত্ব দিছে । ইতিমধ্যে ৭০ মেগাৱাট শক্তি উৎপাদন কৰিবলগীয়া আমগুৰি সৌৰ উদ্যানখন মুকলি কৰা হৈছে ।

আনহাতে বিভিন্ন উৎসৰ জৰিয়তে প্ৰায় ১,২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে এক নৱীকৰণযোগ্য নীতিৰ প্ৰস্তুতি চলি আছে । উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্যুৎ সংস্কাৰ কাৰ্যকৰী কৰাৰ বাবে ৬,২৬৮ কোটি টকাৰ অনুমোদন জনাইছে । ইয়াৰে ৩,৬৭৭ কোটি টকা স্মাৰ্ট মিটাৰ স্থাপনৰ বাবে আৰু ২,৬০৯ কোটি টকা লোকচান হ্ৰাস কৰাৰ বাবদ লাভ কৰা হ'ব । মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত শক্তি বিভাগটোৱে হেৰুওৱা শক্তি পুনৰ ঘূৰাই পাইছে বুলি ক'ব পাৰি । সেই গতিক নতুন মন্ত্ৰীগৰাকীয়ে কিদৰে আগবঢ়াই লৈ যাব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:কৃষি কৰ্ম, মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ চেষ্টা এজন অসমীয়াৰ

ABOUT THE AUTHOR

...view details