গুৱাহাটী, ১০ এপ্ৰিল : চৰকাৰে স্মাৰ্ট প্ৰিপেইড মিটাৰৰ নামত লুণ্ঠনৰাজ চলোৱা বুলি সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চর্চা চলি থকাৰ সময়তে স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ আঁতৰাবলৈ APDCL এ পদক্ষেপ গ্ৰহণ কৰিছে (APDCL clarifies on smart prepaid meters)। APDCL য়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷
১৯১২ নম্বৰত যোগাযোগ কৰিব পাৰিব গ্ৰাহকে (APDCL Helpline number 1912) ৷ গ্ৰাহকৰ প্ৰশ্ন www.apdcl.org বা myBijulee APP ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব ৷ ফেচবুক আৰু টুইটাৰত @apdclsocial ত টেগিঙৰ জৰিয়তেও উত্থাপন কৰিব পাৰিব ৷ মেইল কৰিব পাৰিব support@apdcl.org ত (Customer raise their query through http://apdcl.org or myBijulee App or social media handle tagging @apdclsocial) ৷ সংশ্লিষ্ট উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিবলৈ গ্ৰাহকক আহ্বান ৷
উল্লেখ্য যে, চৰকাৰে স্মাৰ্ট প্ৰিপেইড মিটাৰৰ নামত লুণ্ঠনৰাজ চলোৱা বুলি সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চর্চা চলি আছে । অত্যাধিক বিদ্যুৎ মাচুল আদায় কৰি অসম শক্তি বিতৰণ কোম্পানীয়ে স্মার্ট প্ৰিপেইড মিটাৰৰ জৰিয়তে ৰাইজৰ পকেট উদং কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ।
পূৰ্বতে ২০০-৩০০ টকা বিদ্যুতৰ বিল আহিছিল যদিও এতিয়া মাহেকত এহেজাৰ টকা ৰিচাৰ্জ কৰিব লাগে বুলি অভিযোগ কৰিছে উপভোক্তাই । বিভিন্ন উপভোক্তাই চ’ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশকৰা মতে খালী হৈ থকা ঘৰটোতো দৈনিক ১৫ টকাকৈ মাহত ৪৫০ টকা আদায় দি থাকিবলগীয়া হৈছে বুলি আক্ষেপ কৰিছে ।
দৰিদ্ৰ, নিম্নবিত্ত শ্ৰেণীক চৰকাৰে স্মার্ট প্ৰিপেইড মিটাৰৰ নামত হাৰাশাস্তি কৰা বুলি অভিযোগ কৰি অতবোৰ ৰাইজৰ আপত্তি সত্বেও চৰকাৰৰ গা লৰা নাই । কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিচত অসম শক্তি বিতৰণ কোম্পানীৰ গা লৰা যেন অনুভৱ হৈছে (APDCL Clarification on Increased Household Electricity Bill) ।