গুৱাহাটী, 2 জুন: উৎকট গৰমে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাৰ সময়তে এ পি ডি চি এলে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল ৷ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন (Power tariff hike in Assam) ৷
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে বিগত কেইবাদিন ধৰি গৰমে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তোলাৰ সময়তে এ পি ডি চি এলে পুনৰ মাচুল বৃদ্ধি কৰি সকলোৰে আৰু বেছি গৰম উঠাই দিছে ৷ তেওঁ লগতে কয় যে বিগত সময়চোৱাত এ পি ডি চি এলে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ শোধাইছে ৷ মে' মাহৰ পৰা পুনৰ প্ৰতি ইউনিটত 30 পইচাৰ পৰা 70 পইচা মাচুল বৃদ্ধি কৰা হৈছে ৷ জনতাক পিছফালৰ পৰা টেটু চেপি মাৰিব বিচাৰিছে চৰকাৰে বুলি মন্তব্য কৰে তেওঁ (APCC Working President Rana Goswami) ৷
তেওঁ কয় যে ৰাজভঁৰাল উদং আৰু চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ আছে ৷ এতিয়া চৰকাৰখনে যিকোনো প্ৰকাৰে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি নাইবা মাচুল বৃদ্ধি কৰি ৰাজহ সংগ্ৰহৰ বাবে উঠি পৰি লাগিছে ৷ ছটা বিভাগক 36 হাজাৰ কোটি টকা ৰাজহ হিচাপে সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হৈছে (Rana Goswami Reacts on Power tariff hike in Assam) ৷