গুৱাহাটী, 11 জানুৱাৰী :মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এখন সাংবাদ মেল ৷ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই সাংবাদিক সকলক সম্বোধন কৰি, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against Assam CM's family)ৰ ন্যায়াধীশ ৰ দ্বাৰা তদন্তৰ দাবী জনায় ৷
ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও অৱগত কৰে তেওঁ । বুধবাৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ পৰা সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও জনায় তেওঁ ৷ এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অহা 10 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ প্ৰায় এমাহজোৰা এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে বুলিও সদৰি কৰে মহন্তই (APCC will protest in Assam against CM family land scam) ।
উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা প্ৰশিক্ষণ শিৱিৰৰ সামৰণিৰ পিছত কংগ্ৰেছ নেতা কৰ্মী সকলে কলাক্ষেত্ৰৰ ভিতৰৰ পৰা অসম সচিবালয়লৈ সমদল উলিয়াইছিল ।