গুৱাহাটী,৪ ফেব্ৰুৱাৰী :বিজেপিৰ ছত্ৰছায়াত পুঁজিপতি আদানিয়ে কৰা সর্ববৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা আন্দোলন ঘোষণা (Congress to protest in India)। এল আই চি, এছ বি আইৰ সন্মুখত দেশজুৰি প্ৰতিবাদ ঘোষণা কংগ্ৰেছৰ । "আচ্ছে দিন"ৰ সপোন দেখুৱাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে কোটি কোটি মানুহক সৰ্বস্বান্ত কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ মনজিৎ মহন্তৰ (APCC leader Manjit Mahanta slams PM Modi)।
তেওঁৰ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় আদানি আৰু আম্বানীৰ স্বাৰ্থত কাম কৰাৰ বাবে দেশৰ সাধাৰণ মানুহৰ আৰ্থিক অৱস্থাৰ কোনো উন্নয়ন হোৱা নাই । গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ মনজিৎ মহন্তই এই অভিযোগ কৰি কয় যে "আচ্ছে দিন"ৰ সপোন দেখুৱাই প্রধানমন্ত্রী মোডীয়ে দেশৰ কোটি কোটি মানুহক সৰ্বস্বান্ত কৰিছে ।
যাৰ বাবে বিজেপিৰ ছত্ৰছায়াত আদানিয়ে কৰা কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছে দেশত আন্দোলন ঘোষণা কৰিছে (Congress to protest against Adani controversy)। তেওঁ জনোৱা মতে দেশৰ এল আই চি আৰু এছ বি আইৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব । তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বন্ধু আৰু এচাম বছা বছা কোটিপতিক ধনৱান কৰিবলৈ উঠি পৰি লাগিছে বিজেপি চৰকাৰ ।
নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা হঠকাৰী নীতিক লৈ সমগ্ৰ দেশবাসী আৰু বিশেষকৈ মধ্যবিত্ত শ্রেণী আজি অতিশয় উদ্বিগ্ন আৰু চিন্তিত হৈ পৰিছে বুলি তেওঁ দাবী কৰে । প্রধানমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু আদানিৰ ব্যৱসায়িক প্রতিষ্ঠানৰ দ্বাৰা এল আই চি (লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেচন) আৰু এছ বি আই (ষ্টেট বেংক অৱ ইণ্ডিয়া)ৰ দৰে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানত অত্যন্ত বিপজ্জনক লেনদেন তথা বিনিয়োগ কৰোৱাৰ পৰিণতিত আজি এল আই চিৰ ২৯ কোটি 'পলিচী'ধাৰী আৰু এছ বি আইৰ ৪৫ কোটি 'একাউণ্ট'ধাৰীক ভয়ংকৰ বিপদলৈ ঠেলি দিলে ।