গুৱাহাটী, ১১ জানুৱাৰী :বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখনক (কা) লৈ কোনো স্থিতি গ্ৰহণ কৰা নাই । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তৰ । উল্লেখযোগ্য যে, 'কা'ৰ বিধি-নিয়ম প্ৰস্তুতৰ ম্যাদ ৯ জানুৱাৰীত উকলি যোৱাৰ পাছতো চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
মোদী চৰকাৰে তৎপৰতাৰে 'কা' প্ৰণয়ন কৰিলে যদিও বলৱৎ তথা কার্যকৰী কৰাৰ ক্ষেত্রত ততােধিক বিলম্বিত প্রক্রিয়াৰ আশ্রয় লৈছে (Modi government delaying implementation of CAA) । বিধি প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রণালয়ে লােৱা তৃতীয়টো বর্ধিত সময়সীমা ৯ জানুৱাৰীত উকলি গৈছে । 'কা'ক লৈ সমগ্ৰ বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র মহন্তই কয় যে, বিভিন্ন ৰাজ্যৰ নিৰ্বাচন আহি থকা বাবে মোদী চৰকাৰে ভয় খাইছে ।
পুনৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিব পাৰে বুলি বিজেপি চৰকাৰে 'কা' বলৱৎ কৰাৰ বিষয়টো পিছুৱাই আছে । তেওঁ কয় যে কংগ্ৰেছ দলে কোনো কাৰণতে 'কা' মানি নলয় । অসমৰ ৰাইজে তথা বিভিন্ন দল-সংগঠনেও 'কা'খন মানি নলয় । গতিকে এইখন বাতিল কৰিব লাগে বুলি তেওঁ কয় ।