গুৱাহাটী,3 অক্টোবৰ : শনিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ ৷
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল সোণোৱাল চৰকাৰৰ বিৰুদ্ধে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰি মুখপাত্ৰ বড়োৱে কয় যে,‘‘চৰকাৰে অপৰাধ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ চৰকাৰ তথা আমোলা বিষয়াসকলৰ এনে অপৰাধ প্ৰৱণতাৰ বাবেই বাহিৰৰ পৰা অহা আই এ এছ আৰু আই পি এছ বিষয়াসকল অসমৰ পৰা গুচি যাৱ লগা অৱস্থা হৈছে ৷ শূন্য সহনশীলৰ কথা কোৱা চৰকাৰখনে দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নকৰিলে ৷ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া জোৱেল গাৰ্লোচা ইয়াৰ প্ৰত্যক্ষ উদাহৰণ ৷ একাধিক হত্যাৰ অভিযোগ থকাৰ পাচতো বিজেপি চৰকাৰখনে গাৰ্লোচাক পৰিষদৰ চি ই এম পদত নিযুক্তি দিছে” ৷
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল লগতে তেওঁ কয় যে,‘‘বিগত বৰ্ষৰ পৰা প্ৰশাসন দল তথা চৰকাৰৰ বিষয়াসকলৰ মাজত অপৰাধৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ আমি চৰকাৰক যথেষ্ট সময় দিলো ৷ আজিলৈকে চৰকাৰ আৰু বিষয়া কৰ্মচাৰীৰ মাজত চৰকাৰে অপৰাধ নিয়ন্ত্ৰণকৰাৰ চেষ্টা কৰা দেখা নগ’ল ৷ বিধায়ক মৃণাল হাজৰিকা আৰু সাংসদ কুইন ওজাইয়ো মুকলিভাৱে উচতনিমূলক মন্তব্য দিছিল ৷ এজন মানুহ মাৰিলে দহজনক মাৰিবলৈ উচতনি দিছিল ৷ মৃণাল হাজৰিকা আৰু কুইন ওজাৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে’’ ৷
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল শেহতীয়াকৈ চাকৰি নিযুক্তিৰ ব্যাপক কেলেংকাৰী সন্দৰ্ভতো সোণোৱাল চৰকাৰক কটাক্ষ কৰে মুখপাত্ৰ দুৰ্গা দাস বড়োৱে ৷
লগতে পঢ়ক:শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি