গুৱাহাটী, ২২ ফেব্ৰুৱাৰী :দুর্নীতিৰ ক্ষেত্ৰত সততে শূন্য সহনশীলতাৰ কথা কোৱা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ আমোলত ৰাজ্যত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ অধীনত থকা নগাঁও আৰু কাছাৰ পেপাৰ মিলক কেন্দ্ৰ কৰি বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে (APCC spokesperson Dilip K Sharma press meet on paper mill) । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই এই অভিযোগ উত্থাপন কৰে ।
তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগে সংসদত দাখিল কৰা তথ্য অনুসৰিয়ে কেন্দ্ৰীয় চৰকাৰে হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডক ২০১৪-১৫ বৰ্ষত ১,১৪১কোটি, ২০১৫-১৬ বৰ্ষত ১,০০০ কোটি, ২০১৬-১৭ বৰ্ষত ১,০০০ কোটি আৰু ২০১৭ -১৮ বৰ্ষত ১,০০০ কোটি টকাসহ মুঠ ৪,১৪১ কোটি টকাৰ পুঁজি আৱন্টন দিছিল । কিন্তু তাৰ পিছতো এই ধনৰাশি কাগজ কল দুটাই নাপোৱাৰ অভিযোগ উত্থাপিত হৈছে । অথচ এই বৃহৎ ধনৰাশি আৱন্টন দিয়াৰ পিছতো ২০১৫ চনৰ ২০ অক্টোবৰৰ পৰা কাছাৰ কাগজ কল আৰু ২০১৭ চনৰ ১৩ মার্চৰ পৰা নগাঁও কাগজ কল বন্ধ হৈ পৰিল ।
আনকি এই ধন ক'ত কেনেকৈ ব্যৱহাৰ কৰা হ'ল সেই সম্পৰ্কেও কোনো তথ্য কতো পাবলৈ নাই ।
এয়া এক বিয়াগোম কেলেংকাৰী বুলিয়ে কাগজ কলৰ কৰ্মচাৰী আৰু সংশ্লিষ্ট সকলো পক্ষই অভিযোগ কৰিছে । ইয়াৰ উচিত তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে । তেওঁ কয় যে, নিৰ্বাচনৰ সময়ত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কার্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে দুয়োটা মিল কার্যক্ষম কৰিব নোৱাৰিলে ।
লগতে পঢ়ক :হিজাব বিতৰ্ক, নিৰ্বাচনৰ কথাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ সাক্ষাৎকাৰ