অসম

assam

ETV Bharat / state

APCC Press Meet: মন্ত্রী পীযুষ হাজৰীকা অসমৰ ছিণ্ডিকেট আৰু কমিচন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য; প্ৰদেশ কংগ্ৰেছ - ছিণ্ডিকেট

মন্ত্ৰী পীযুষ হাজৰীকাক তীব্ৰ আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ ৷ পীযুষ হাজৰীকা ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সমাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ ৷

APCC Press Meet
APCC Press Meet

By

Published : Jul 14, 2023, 3:45 PM IST

মন্ত্ৰী পীযুষ হাজৰীকাক তীব্ৰ আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, ১৪ জুলাই: মন্ত্ৰী পীযুষ হাজৰীকাই নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তুচ্ছ-তাচ্ছিল্য কৰি মন্তব্য কৰাত ব্যস্ত হৈ আছে ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সামজিক মাধ্যম আৰু আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই মন্ত্ৰী পীযুষ হাজৰীকাক কঠোৰ সমালোচনা কৰে ।

তেওঁ কয় যে যুৱ কংগ্ৰেছত থকা সময়ত পীযুষ হাজৰীকা উদণ্ড আছিল আৰু বৰ্তমান সময়তো একেই উদণ্ড আচৰণ কৰিছে । নিজে কাচৰ ঘৰত থাকি শিলৰ দুৰ্গলৈ কেতিয়াও শিল মাৰিবলৈ চেষ্টা নকৰিব বুলি তেওঁ পীযুষ হাজৰীকাক সকিয়াই দিয়ে ।

তেওঁ কয় যে কেন্দ্ৰত কংগ্ৰেছৰ বিপৰ্যয় হোৱাৰ সময়ত বিজেপিলৈ ধাৱমান হোৱা পীযুষ হাজৰীকাৰ দৰে যৌতুকত অহা নেতাই এনেদৰে সমালোচনা কৰাটো শোভা নাপায় । আজিৰ তাৰিখত পীযুষ হাজৰীকাৰ নিজস্ব একো নাই বুলি সদৰী কৰি তেওঁ কয় যে কমিচনৰ কথা কোৱা পীযুষ হাজৰীকা অসমৰ ছিণ্ডিকেট আৰু কমিচন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ।

ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিৰ আঁৰত থকা ছিণ্ডিকেটৰ কথা উল্লেখ কৰি তেওঁ কয় যে শ্ৰীৰামপুৰ গেটত প্ৰতিখন গাড়ীৰ পৰা ২০ হাজাৰ টকাৰ গুণ্ডাটেক্স সংগ্ৰহ কৰা হয় । পশ্চিম বংগৰ পৰা দৈনিক ১৫০ মুৰ্গী কঢ়িওৱা গাড়ী অসমলৈ আহে । দৈনিক ৩০ লাখ টকাৰ গুণ্ডাকৰ সংগ্ৰহ কৰাৰ আঁৰত কোন আছে বুলি প্ৰশ্ন কৰি পীযুষ হাজৰীকাৰ পৰা তেওঁ ইয়াৰ উত্তৰ বিচাৰে ।

তেওঁ পীযুষ হাজৰীকাৰ ৪০ হাজাৰ টকীয়া ছাৰ্ট আৰু ৭০ লাখ টকীয়া গাড়ীৰ লগতে বিশাল অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ পাহাৰৰ প্ৰসংগ উল্লেখ কৰি ইয়াৰ উৎস ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনায় । পীযুষ হাজৰীকাক ২০০৬ চনৰ আগত আৰু বৰ্ত্তমানৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল ৰাজহুৱা কৰাৰ বাবেও তেওঁ প্ৰত্যাহ্বান জনায় ।

তেওঁ লগতে কয় যে পীযুষ হাজৰীকাৰ বৈধ-অবৈধ সম্পত্তিৰ তালিকা আৰ এছ এছৰ নাগপুৰৰ কাৰ্যালয়ত গৈ পাইছে । যাৰ বাবে ভয় খাই পীযুষ হাজৰীকাই বেছি বিজেপি দেখুৱাবলৈ গৈ আবোল-তাবোল বকিছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:Bhupen Bora: বদৰুদ্দিন আজমল হতাশাত ভুগিছে; ভূপেন বৰা

ABOUT THE AUTHOR

...view details