গুৱাহাটী, 13 ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন দেউলীয়া অৱস্থালৈ গতি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰা আৰু ৰাতুল কলিতাই ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা নৱেম্বৰৰ শেষলৈ ৰাজ্যিক বাজেটত নিৰ্ধাৰিত পুজিৰ ভিতৰত মাত্ৰ 43 শতাংশহে ব্যয় কৰিবলৈ সক্ষম হৈছে ৷
তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে 1 লাখ 41 হাজাৰ 589.62 কোটি টকাৰ ৰাজ্যিক বাজেট নিৰ্দ্ধাৰণ কৰিছিল ৷ যোৱা নৱেম্বৰৰ শেষলৈ দৰমহা, পেঞ্চন, ঋণৰ সুত আদি ৰাজহ শিতানত 50 হাজাৰ 120.68 কোটি টকা খৰচ কৰিছে ৷ আকৌ মূলধনী শিতানত অৰ্থাৎ উন্নয়নমূলক শিতানত মাত্ৰ 11 শতাংশ অৰ্থাৎ 11 হাজাৰ 452.34 কোটি টকা খৰচ কৰিছে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চলিত বছৰত এতিয়ালৈকে 1 লাখ 41 হাজাৰ কোটি টকাৰ ঋণ লৈছে ৷ অৰ্থাৎ বাজেট আৰু ঋণৰ পৰিমাণ সমান ৷
বৰাই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে 35 হাজাৰ টেট শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ বিৰুদ্ধে টেট শিক্ষকে প্ৰতিবাদো কৰিছে ৷ তেওঁ কয়, ইয়াৰ পৰা দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন দেউলীয়া অৱস্থালৈ গতি কৰিছে ৷