গুৱাহাটী,২৬ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰৰ ভূমি কেলেংকাৰী গাপ দিবলৈ গৈ এতিয়া বিজেপি নেতাই য'তে ত'তে খেপিয়াই ফুৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ।
মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি নেতাসকলক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাত প্ৰৰোচনা আৰু সংঘৰ্ষ সৃষ্টিৰ লক্ষ্যৰে উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল । যাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গোচৰ তৰিছিল ।
এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজাহাৰ দিয়াৰ বিষয়টোক শিশুসুলভ কাম বুলি মন্তব্য কৰিছিল । মুখ্যমন্ত্রীৰ এই মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয় যে আমি জনাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাও আছিল ।
মুখ্যমন্ত্রীক মেধা আখ্যা দি তেওঁ কয় যে শেহতীয়াকৈ বিৰোধীৰ ঐক্য ‘I.N.D.I.A.’ক লৈ তথা কংগ্ৰেছৰ উত্থানত মুখ্যমন্ত্রীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে । যাৰ বাবেই মুখ্যমন্ত্রীয়ে এজাহাৰ দিয়া বিষয়টোক অপ্ৰসংগিক কৰি মন্তব্য কৰিছে ।
তেওঁ লগতে চি আৰ পি চিৰ ১৫৪ মতে FIR নিদিলে কোনো ঘটনাৰ তদন্ত কৰিব পাৰে নে বুলি প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্রী আইনৰ উৰ্দ্ধত নেকি । বিজেপিক কটাক্ষ কৰি তেওঁ কয় যে ২০১৪ চনত ভাৰতবৰ্ষ স্বাধীন হোৱা বুলি দাবী কৰা তেওঁলোকে উভত-গোৰে নচাটো স্বাভাৱিক ।