গুৱাহাটী,২৩ মাৰ্চ :সুদীৰ্ঘ প্ৰায় চাৰি বছৰৰ পাছত অৱশেষত বুধবাৰে ঘোষণা কৰা হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন । ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰা মতে ১৯ এপ্ৰিলত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ভোট গণনা হ'ব ২১ এপ্ৰিলত । কিন্তু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণাকলৈ মুঠেই সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছ (APCC reacts to holding GMC elections between Bihu) ।
বহাগ বিহুৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ প্ৰদেশ কংগ্ৰেছে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বুধবাৰে বিয়লি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাটো অতিকৈ দুৰ্ভাগ্যজনক(Press meet by APCC GS Apurba Bhattacharjee)বুলি মন্তব্য কৰে । জাতিৰ প্ৰতি কোনো দায়িত্ব নথকা এইখন চৰকাৰে সাত দিনো বিহু পাতিবলৈ নিদিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে, "চৰকাৰৰ এই কাৰ্যত কংগ্ৰেছ দল অতিকৈ মৰ্মাহত হৈছে ।"