অসম

assam

By

Published : Aug 4, 2023, 8:07 PM IST

ETV Bharat / state

Stay on Rahul Gandhi conviction: উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি প্ৰদেশ কংগ্ৰেছৰ

ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াৰ পাচতে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ তথা বিধায়ক ভৰত নৰহে এখন সংবাদমেল সম্বোধন কৰে । উল্লেখ্য় যে শুকুৰবাৰে ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ।

pc by apcc regarding SC verdict
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ৪ আগষ্টঃ মোদী উপাধিৰ গোচৰত গুজৰাটৰ আদালতে দিয়া ৰায়দানত স্থগিতাদেশ জাৰি কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বৃহৎ সকাহ দিলে উচ্চতম ন্যায়ালয়ে । ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল । লগতে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে । উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ তথা বিধায়ক ভৰত নৰহে এখন সংবাদমেল সম্বোধন কৰে ।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক স্বাগতম জনাই তেওঁ কয় যে এয়া এক ঐতিহাসিক ৰায়দান । তেওঁ এই ৰায়দানক ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰৰ জয় আখ্যা দিয়ে । সত্যৰ সদায় জয় হয় বুলি উল্লেখ কৰি তেওঁ কয় যে গণতন্ত্ৰক কোনেও দমন কৰি ৰাখিব নোৱাৰে । তেওঁ কয় যে মানহানিৰ এটা গোচৰত ছুৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড দিছিল । পৰৱৰ্তী সময়ত সেই ৰায়দানক গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰখিছিল । কিন্তু আজি দেশৰ উচ্চতম ন্যায়ালয়ে এই ৰায়দানত স্থগিতাদেশ জাৰি কৰে ।

তেওঁ সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি জনাই কয় যে ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে বিজেপিৰ জনবিৰোধী নীতিসমূহ বিৰুদ্ধে মুকলিকৈ মাত মাতি অহাৰ বাবে বিজেপি চৰকাৰে বিভিন্ন ধৰণে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ অপচেষ্টা কৰি আহিছে । তেওঁ লগতে কয় যে বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি হাৰাশাস্তি কৰিলেও ৰাহুল গান্ধীৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে । এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

ইপিনে,উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিয়া সকাহক লৈ দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । অসমতো কংগ্ৰেছ নেতা-কৰ্মীসকল উৎফুল্লিত হোৱা দেখা গৈছে । উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাচতে গুৱাহাটীৰ ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক:Modi Surname case: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details