গুৱাহাটী, 16 জুন :প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ ৰাজ ভৱনৰ চৌহদ (APCC protest in Guwahati)৷ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকল ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে অত্যাচাৰ তথা ষড়যন্ত্ৰ কৰি আছে ৷
আনকি বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত সোমাই দিল্লী পুলিচে চলাইছিল অত্যাচাৰ ৷ এই অভিযোগ কংগ্ৰেছ কৰ্মীসকলৰ ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজ ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে (APCC protest in front of Raj Bhawan in Guwahati)।
এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ লগতে দলৰ সকলো ভাতৃ-ভগ্নী সংগঠন, কোষ তথা বিভাগৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকল পুৱা 11 বজাত ৰাজ ভৱনৰ সম্মুখত মিলিত হয় ।
তাৰ পাচত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মেডিয়া অধ্যক্ষ মণজিৎ মহন্তৰ নেতৃত্বত ৰাজ ভৱন অভিমুখে প্ৰতিবাদকাৰীসকলে সমদল উলিয়ায় ৷