অসম

assam

ETV Bharat / state

অসমৰ ব্লেক পেন্থাৰ আম্বানীৰ চিৰিয়াখানাত হস্তান্তৰক লৈ সৰৱ কংগ্ৰেছ - অসম প্ৰদেশ কংগ্ৰেছ

অসম চৰকাৰে দুটা ব্লেক পেন্থাৰ সংগোপনে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ পৰা আম্বানীৰ ব্যক্তিগত চিৰিয়াখানাত হস্তান্তৰিত কৰা কার্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৷ ব্লেক পেন্থাৰ দুটা কিয়, কি কাৰণত, কোন ঠাইলৈ স্থানান্তৰ কৰা হ’ল এই বিষয়ে স্পষ্টতা বিচাৰিছে কংগ্ৰেছে ৷

apcc pressmeet
কংগ্ৰেছৰ সংবাদমেল

By

Published : Feb 14, 2021, 5:45 PM IST

Updated : Feb 14, 2021, 7:50 PM IST

নিউজ ডেস্ক,14 ফেব্ৰুৱাৰী : দেওবাৰে মহানগৰীস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ দুটা ব্লেক পেন্থাৰ অসম চৰকাৰে সংগোপনে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ পৰা আম্বানীৰ ব্যক্তিগত চিৰিয়াখানাত হস্তান্তৰিত কৰা কার্যক তীব্ৰ গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

সংবাদমেলযোগে কংগ্ৰেছে প্ৰকাশ কৰা তথ্য় অনুসৰি, ইয়াৰ এবছৰ পূৰ্বেও গুজৰাটৰ এটা মন্দিৰলৈ তিনিটা হাতী অসমৰ পৰা স্থানান্তৰ কৰা হৈছিল । বিগত 12 জানুৱাৰীত অসম ৰাজ্যিক চিৰিয়াখানৰ পৰা দুটা ব্লেক পেন্থাৰ স্থানান্তৰিত কৰা হয় গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ ।

কংগ্ৰেছৰ সংবাদমেল

জানিব পৰা মতে, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখনৰ গড়ালত থকা দুটা ব্লেক পেন্থাৰ সংগোপনে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ গুজৰাটৰ জমনগৰত 280 একৰ ভুমিত স্থাপন কৰা গ্ৰীণ জুল’জীকেল ৰেস্কিউ এণ্ড ৰি-হেবিলিটেশ্যন কিংডমলৈ স্থানান্তৰিত কৰা হয় ৷ কিন্তু এই স্পৰ্শকাতৰ আৰু জাতীয় স্বাৰ্থ জড়িত বিষয়টো এতিয়াহে পোহৰলৈ আহিছে ।

সংবাদ মাধ্যমৰ যোগেদি জানিব পৰা মতে, এই কাৰ্যত অসম চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষৰ গোপন বুজাবুজি জড়িত হৈ আছে । অসম চৰকাৰৰ এনে হঠকাৰী আৰু জাতীয় আবেগ জড়িত কাৰ্যক তীব্ৰ গৰিহণা দিছে কংগ্ৰেছে ৷

অসম চৰকাৰে এই ক্ষেত্ৰত অনুসৰণ কৰা নীতি নিয়ম কি আছিল? এই ব্লেক পেন্থাৰ দুটা কিয়, কি কাৰণত, কোন ঠাইলৈ স্থানান্তৰ কৰা হ’ল এই বিষয়ে স্পষ্টতা বিচাৰিছে কংগ্ৰেছে ৷

প্ৰধানমন্ত্ৰী মোদীৰ আশীৰ্বাদত ৰিলায়েন্স কোম্পানীৰ দৰে কেইটামান কোম্পানীৰ অতি উন্নতি আৰু এই কোম্পানীবোৰে মনোৰঞ্জনৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে জড়িত হৈ পৰিছে । সম্প্ৰতি জন্তুক লৈ কৰিব বিচৰা কৰ্মত জীৱ জন্তুৰ সুৰক্ষা থাকিব নে? এই প্ৰশ্নবোৰ এতিয়া জনতাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷

লগতে পঢ়ক :পুলৱামাৰ বিস্ফোৰণত শ্বহীদ বাক্সাৰ মনেশ্বৰ বসুমতাৰীক স্মৰণ

Last Updated : Feb 14, 2021, 7:50 PM IST

ABOUT THE AUTHOR

...view details