অসম

assam

By

Published : Jul 17, 2021, 6:40 PM IST

ETV Bharat / state

অজন্তা নেওগৰ বাজেটে প্ৰৱঞ্চনাৰ অভিলেখ ভংগ কৰিলে: ৰিপুণ বৰা

বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটখনৰ তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ ধুনীয়া ধুনীয়া কবিতাৰ পংক্তি, বেদৰ শ্লোক, গুৰুজনাৰ বাণী আৰু কিছু পৰিমাণে আলংকৰিক শব্দৰ বাহিৰে বাজেটত আন একো নাই বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

apcc-president-ripun-bora-criticizes-financial-budget-of-ajanta-neog
অজন্তা নেওগৰ বাজেটে প্ৰবঞ্চনাৰ অভিলেখ ভংগ কৰিলেঃ ৰিপুণ বৰা

গুৱাহাটী, ১৭ জুলাই : বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে(finance minister Ajanta Neog) দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটখনে প্ৰৱঞ্চনাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ(apcc president Ripun Bora) । শনিবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ বৰাই কয় যে কেতবোৰ ধুনীয়া ধুনীয়া কবিতাৰ পংক্তি, বেদৰ শ্লোক, গুৰুজনাৰ বাণী আৰু কিছু পৰিমাণে আলংকৰিক শব্দৰ বাহিৰে এইখন বাজেটত আন একো নাই ৷ কেৱল প্ৰৱঞ্চনাৰহে দলিল এইখন বাজেট ।

তেওঁ কয় যে, বাজেটত বিত্তীয় বৰ্ষটোৰ বাবে ধাৰ্য কৰা হৈছে ১ লাখ ৭ হাজাৰ কোটি টকা । ইয়াৰে ৰাজ্যৰ নিজা আয় থাকিব ২১,১৭৭ কোটি টকা ৷ বাকী সকলোখিনি নিৰ্ভৰ কৰা হৈছে কেন্দ্ৰৰ ওপৰত । ২০,৮১৮ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব বুলি কোৱা হৈছে ।

২৬,০১৩ কোটি টকা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ পৰা আৰু ১১,৫০৮ কোটি টকা বিত্ত আয়োগৰ পৰা লাভ কৰিব বুলি বাজেটত কোৱা হৈছে । অৰ্থাৎ, কেন্দ্ৰৰ পৰা ৫৮,৩৩৯ কোটি টকা পাব বুলি আশা কৰা হৈছে । অথচ বিগত দুটা বছৰে অসম চৰকাৰে কেন্দ্ৰৰ পৰা ধনেই নাপালে ‌।

ৰিপুণ বৰাৰ সংবাদমেল

৮০ হাজাৰ কোটি টকা জিএছটিৰ বাবদ এতিয়াও অসমে কেন্দ্ৰৰ পৰা ধন পাবলৈ বাকী আছে । তেনেক্ষেত্ৰত বাজেটখনত যিবোৰ সপোন দেখুওৱা হৈছে, সেই সপোনবোৰ বাস্তবায়িত কৰিবলৈ ধন আহিব ক’ৰ পৰা ? এইখন কেৱল প্ৰৱঞ্চনা আৰু ভাষাৰ বাজেট । কিয়নো কেৱল কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু ঋণৰ সুদ পৰিশোধ কৰিবলৈকে বছৰেকত চৰকাৰখনৰ প্ৰয়োজন হয় ৫১,০০০ কোটি টকা ।

বাজেটখন হৈছে ১ লাখ ৭ হাজাৰ কোটি টকাৰ । দৰমহা, পেঞ্চন, সুদ আদি পৰিশোধ কৰি হাতত থাকিব ৫৬ হাজাৰ কোটি টকা মাত্ৰ । সেই ধনেৰে অতবোৰ প্ৰতিশ্ৰুতি কিদৰে ৰূপায়ণ হ’ব বুলি প্ৰশ্ন কৰি সংবাদমেলত তেওঁ আৰু কয় যে, এই বাজেটখন নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাজেট বুলি বিজেপিয়ে কৈছে । কিন্তু মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই(ease on micro finance loan)ৰ নামত বাজেটত যি ঘোষণা কৰা হ'ল, সেয়া প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয় ।

নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে, অৰুণোদয় আঁচনি(Orunodoi scheme)ৰ ধন ৮৩০ টকাৰ পৰা ৩ হাজাৰ কৰা হ’ব । কিন্তু বাজেটত ঘোষণা কৰিলে এই ধনৰ পৰিমাণ এহেজাৰ টকা হ’ব অৰ্থাৎ ১৭০ টকাহে বাঢ়িল ৷ এয়া প্ৰৱঞ্চনা নহয় যদি কি বুলি প্ৰশ্ন কৰি বৰাই কয় যে, পূৰ্বৰ তিনিগৰাকী মুখ্যমন্ত্ৰী ক্ৰমে প্ৰয়াত হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰয়াত তৰুণ গগৈৰ শাসনকালত অসমে লোৱা মুঠ ধাৰৰ পৰিমাণ আছিল ৩৫ হাজাৰ কোটি টকা । কিন্তু সৰ্বানন্দ সোণোৱালে মাত্ৰ পাঁচ বছৰৰ শাসনকালতে ধাৰ লৈছিল ৪৭ হাজাৰ কোটি টকা ।

লগতে পঢ়ক :Micro Finance : প্ৰতিশ্ৰুতিৰ মতে বাজেটত পুঁজি ধাৰ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details