গুৱাহাটী, ১২ জুন :কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনতো (KAAC election 2022) মুখথেকেচা খালে কংগ্ৰেছে । ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কাৰ্বি আংলংস্বায়ত্ব শাসিত পৰিষদৰ ভোট গণনা চলি থকাৰ মাজতে সভাপতি বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (APCC president reaction of regarding KAAC election 2022) ৷
তেওঁ কয় যে, কাৰ্বি আংলঙত আৰম্ভণিৰ পৰাই কংগ্ৰেছ দলে বৰ বেছি আশা কৰা নাছিল । আঠটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘কাৰ্বি আংলঙৰ ৰাইজে দিয়া সিদ্ধান্ত কংগ্ৰেছে মানি ল'ব । আমি নিজকে শান্তনা দিব বিচৰা নাই তথা হতাশ হোৱাৰো কথা নাই’’ ।
তেওঁ লগতে কয় যে, কংগ্ৰেছে কেতিয়াও কোৱা নাই যে পৰিষদ গঠন কৰিব বুলি । কংগ্ৰেছে বিৰোধীৰ ভূমিকা পালন কৰি আহিছে । আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বিগত ছটা বছৰৰ ৰাজনীতি চালে কংগ্ৰেছে এটাৰ পাচত আনটো নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজিত হোৱাটো সত্য কথা ।