অসম

assam

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 2:32 PM IST

ETV Bharat / state

Congress react over Wages of tea workers : চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি বিজেপিয়ে পূৰণ কৰা নাই:ভূপেন‌ বৰা

কংগ্ৰেছ দলে বাগানে বাগানে কৰা কাৰ্যসূচীৰ ভয়ত মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ ১৮ টকা বৃদ্ধি কৰিবলৈ ‌বাধ্য হৈছে বুলি মন্তব্য় দেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

APCC President Bhupen Bora
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

গুৱাহাটী, ৩ অক্টোবৰ:ৰাজ্য চৰকাৰে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।‌ গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি ভূপেন বৰাই কয় যে বিজেপি চৰকাৰে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতি এতিয়াও সুদূৰ পৰাহত বুলি তেওঁ মন্তব্য কৰে। ‌

তেওঁ কয় যে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ ১৮ টকা বৃদ্ধি কৰিছে । আচলতে কংগ্ৰেছ দলে বাগানে বাগানে কৰা কাৰ্যসূচীৰ ভয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব‌ শৰ্মাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ ১৮ টকা বৃদ্ধি কৰিবলৈ ‌বাধ্য হৈছে । তেওঁ কয়,'বিজে‌পিৰ উজ্বলা আঁচনি ব্যৰ্থ হোৱাৰ বাবে এতিয়া আগন্তুক লোকসভাত ভোটৰ আশাত আকৌ এটাকৈ এল পি জি চিলিণ্ডাৰ বিনামূলীয়া বিতৰণ কৰাৰ আঁচনি গ্ৰহণ কৰাৰ যোজা চলাইছে ।'

উল্লেখ্য যে যোৱা সোমবাৰে ৰাজ্যিক কেবিনেটত অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।‌ ১ অক্টোবৰৰ‌ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা হৈছে ৷ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৩২ টকাৰ পৰা‌ ২৫০ টকালৈ বৃদ্ধি কৰা‌‌ হৈছে ৷ ইফালে, অসমৰ বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১০ টকাৰ পৰা‌ ২২৮ টকালৈ বৃদ্ধি কৰা‌‌ হৈছে ৷ লগতে অসম চাহ নিগম লিমিটেডৰ অধীনত থকা চাহ বাগিচাৰ শ্ৰমিকসকলক অসম চৰকাৰে ২০ শতাংশ হিচাপত পূজাৰ বোনাচ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ভূপেন বৰাই কয় যে কংগ্ৰেছ দলে বাগানে বাগানে কৰা কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হৈছে ।‌ তেওঁ কয়,'কংগ্ৰেছ দলে বাগানে বাগানে চাহ শ্ৰমিকসকলক সাক্ষাৎ কৰাৰ ২২ দিনীয়া কাৰ্যসূচী ৰূপায়ন কৰিছিল । কংগ্ৰেছ দলে যেতিয়া বাগানে বাগানে গ'ল,তেতিয়া‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই বাধ্য হৈ তিনিচুকীয়াত সভা অনুষ্ঠিত কৰিছিল ।‌‌ সেই সভাতে বিদ্যুৎৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে যিসকল চাহ শ্ৰমিকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিছিল সেইসকল চাহ শ্ৰমিকৰ ঘৰত পুনৰ বিদ্যুৎ সংযোগ কৰি দিয়াৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল ।'

লগতে পঢ়ক:Sensational Revelation over ULFA leaders excecution : লাচিত-বৰ্ণালীৰ মৃত্যু সম্পৰ্কে বিস্ফোৰক ভাষ্য আত্মসমৰ্পণকাৰী আলফা সদস্যৰ

ABOUT THE AUTHOR

...view details