গুৱাহাটী, ৫ নবেম্বৰ:পূৰ্ণোদ্যমে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইফালে বোকা ছটিওৱাৰ ৰাজনীতি কেৱল শাসক-বিৰোধীৰ মাজতে আৱদ্ধ হৈ থকা নাই । বিৰোধী শিবিৰতো চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ।
লক্ষ্যণীয় বিষয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সংঘাত নতুন নহয় যদিও নিৰ্বাচন আহিলে তুংগত উঠে সংঘাত । ইতিমধ্যে দুয়োপক্ষৰ সংঘাত অব্যাহত থকাৰ সময়তে এইবাৰ এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক 'নৰাধম' আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
দেওবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰৰাকীয়ে কয় যে এয়া হৈছে মহাপুৰুষৰ স্থান । ইয়াত যিজনৰ প্ৰশ্ন কৰা হৈছে সেইজন নৰাধম । সাংসদ আজমল সন্দৰ্ভত এইদৰে সদৰী কৰি তেওঁ কয় যে নৰাধম মানে নৰৰ অধম । অৰ্থাৎ দেখিবলৈ নৰৰ দৰে কিন্তু নৰৰ অধম ।