গুৱাহাটী, 1 জুন: দেশৰ লগতে অসমৰো তিনিখনকৈ মেডিকেল কলেজৰ স্বীকৃতি বাতিল হোৱাৰ আশংকাই ৰাজ্যজুৰি তোলপাৰ লগাইছে ৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে জাৰি কৰা জাননীয়ে কঁপাইছে অসমৰ স্বাস্থ্যখণ্ডৰ ভেঁটি ৷ প্ৰশ্ন হৈছে যে বাতিল হ'ব নেকি অসমৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি ৷ জানিব পৰা মতে আন্তঃগাঠনিকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা দুৰ্বলতাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজলৈ জাৰি কৰিছে জাননী ৷ আনহাতে আয়োগে জাননীৰ উত্তৰ দিয়াৰ বাবে এমাহৰ সময়ো দিছে (APCC President Bhupen Borah) ৷
এই প্ৰসংগকলৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিভিন্ন দল-সংগঠনে ৰাজ্য চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ আওঁতালৈ অসমৰ উত্তৰণ ঘটিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পঁয়ালগা ছবিখন আকৌ এবাৰ উন্মোচিত হ’ল ৷ আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ নাটনি আদি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি এইজন মুখ্যমন্ত্ৰীৰ দুটা বছৰৰ কাৰ্যকালতে ৰাজ্যখনৰ তিনিখনকৈ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিবলৈ বাধ্য হ’ল ৰাষ্ট্ৰীয় মেডিকেল আয়োগ ৷ গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিলে ৰাষ্ট্ৰীয় মেডিকেল আয়োগে ৷ এয়াই ‘কর্মদক্ষ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামৰ নমুনা বুলি তেওঁ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমলোচনা কৰে (Bhupen Borah reacts on medical college issue) ৷
তেওঁ কয় যে কেৱল মিছা আশা, মিছা প্ৰতিশ্ৰুতি আৰু ৰাজ্যবাসীক ধাৰত ডুবাই ‘টি আৰ পি’ বুটলাৰ প্ৰতিযোগিতাত নমা মুখ্যমন্ত্ৰীজনৰ আচল স্বৰূপ এতিয়া নিতৌ ৰাইজৰ আগত এটাৰ পিছত আনটো উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে ৷ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই দীর্ঘদিন অসমৰ স্বাস্থ্যমন্ত্ৰীৰ আসনত কাৰ্যনিৰ্বাহ কৰা আৰু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন ‘হস্তগত’ কৰা হিমন্ত বিশ্ব শৰ্মাই কেৱল সাম্প্ৰদায়িক ৰাজনীতি, বিধায়ক বেচা-কিনাৰ ৰাজনীতি, উপ-নিৰ্বাচনত ছলে-বলে-কৌশলে বিজেপিৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ ৰাজনীতি আৰু দেশৰ ৰাজ্যই ৰাজ্যই মিছা কথাৰ ধল নমাই অসমবাসীক লজ্জানত কৰাৰ কামত সৰহভাগ সময় ব্যস্ত থকাৰ বাবেই আজি অসমৰ ঐতিহ্যমণ্ডিত মেডিকেল কলেজসমূহ এইদৰে লাজ লগা পৰ্যায়ত উপনীত হ’বলৈ বাধ্য হৈছে বুলি তেওঁ কয় (Bhupen Kumar Borah) ৷