অসম

assam

ETV Bharat / state

Constituency delimitation: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ মেচ ফিক্সিং চলি আছে; ভূপেন বৰাৰ দাবী - Controversy over constituency delimitation

সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰসংগক লৈ পুনৰ সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বিজেপিৰ কথা অনুসৰি নিৰ্বাচন আয়োগ চলাৰ অভিযোগ ভূপেন বৰাৰ ৷ প্ৰদেশ কংগ্ৰেছে প্ৰদান কৰা স্মাৰক পত্ৰৰ উত্তৰ নিৰ্বাচন আয়োগে প্ৰদান নকৰাকলৈয়ো ক্ষোভ প্ৰকাশ ভূপেন বৰাৰ (APCC President Bhupen Borah) ৷

Constituency delimitation
সমষ্টি পুনঃনিৰ্ধাৰণক লৈ মেচ ফিক্সিং চলি আছে: ভূপেন বৰা

By

Published : Mar 28, 2023, 8:11 PM IST

সমষ্টি পুনঃনিৰ্ধাৰণক লৈ মেচ ফিক্সিং চলি আছে: ভূপেন বৰা

গুৱাহাটী, 28 মাৰ্চ:অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ ৰাজনৈতিকভাৱে অনুপ্ৰাণিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰসংগত মেচ ফিক্সিং চলি আছে বুলি সদৰী কৰে (EC meeting in Guwahati) ৷

উল্লেখ যে, সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ মতামত গ্ৰহণৰ বাবে দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত বাহৰ পাতিছে দেশৰ নিৰ্বাচন আয়োগে ৷ তিনিবাৰকৈ নিমন্ত্ৰণ লাভ কৰাৰ পাচতো নিৰ্বাচন আয়োগৰ শুনানিত অংশ গ্ৰহণ কৰা নাই প্ৰদেশ কংগ্ৰেছে ৷ সংবাদমেলত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, বিজেপিয়ে যি কৈছে নিৰ্বাচন আয়োগে তাকে কৰিবলৈ গৈ আছে (Constituency delimitation in Assam) ৷

ভূপেন বৰাই কয়, ‘‘সচাঁকৈয়ে সমষ্টি পুনঃনিৰ্ধাৰণে পূৰ্ণাংগ ৰূপ পালে মন্ত্ৰী অশোক সিংহলে কোৱা কথাবোৰ প্ৰেকটিকেল হৈ যাব । বিজেপিয়ে সকলো কথা আগতীয়াকৈ ক’ব পাৰে ।’’ তিনিবাৰকৈ নিমন্ত্ৰণ জনোৱাৰ পাচতো নিৰ্বাচন আয়োগৰ শুনানিত অংশ নোলোৱা সন্দৰ্ভত তেওঁ কয় যে, নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ 76 ঘণ্টাৰ ভিতৰত কংগ্ৰেছৰ এটা সঁজাতি দলে নিৰ্বাচন আয়োগলৈ গৈ দলৰ স্থিতি স্পষ্ট কৰি স্মাৰক পত্ৰ দিছিল (APCC memorandum to EC) ।

গুৱাহাটীত মঙলবাৰে বিভিন্ন দল-সংগঠনে নিজৰ স্থিতি স্পষ্ট কৰাৰ দৰে কংগ্ৰেছে অধিসূচনা জাৰি কৰাৰ 76 ঘণ্টাৰ ভিতৰতে স্থিতি স্পষ্ট কৰিছিল । 1 জানুৱাৰীৰ দুপৰীয়া অধিসূচনা জাৰি কৰাৰ পাচত 4 জানুৱাৰীৰ বিয়লি কংগ্ৰেছৰ এটা দহজনীয়া প্ৰতিনিধি দলে দিল্লীত নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত গৈ স্মাৰক পত্ৰ দিছিল । আয়োগে উত্তৰ নিদিয়ালৈকে স্মাৰক পত্ৰ গোপনে ৰখা হৈছিল । তিনিবাৰ নিয়ন্ত্ৰণ জনোৱাৰ বাবে আয়োগক ধন্যবাদ জনাই সভাপতি বৰাই আক্ষেপেৰে কয় যে, নিয়ন্ত্ৰণী পত্ৰত কিন্তু আয়োগে স্মাৰক পত্ৰৰ কোনো কথা উল্লেখ নকৰিলে । আনহাতে শেহতীয়াকৈ মেইল যোগে প্ৰেৰণ কৰা স্মাৰক পত্ৰ সন্দৰ্ভতো আয়োগে কোনো উত্তৰ নিদিলে বুলি তেওঁ কয় ।

লগতে ভূপেন বৰাই কয়, ‘‘ৰাজ্যৰ 4 খন জিলা বিলুপ্তিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদত দিয়া উত্তৰৰ কোনো মিল নাই । যাৰ দ্বাৰা বিভ্ৰান্তিৰ সৃষ্টি হৈছে । স্মাৰক পত্ৰত এই বিভ্ৰান্তিকৰ কথা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচৰা হৈছিল । কিন্তু আয়োগে কোনো কথা নজনালে ।’’

যাৰ বাবে নিৰ্বাচন আয়োগৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, উত্তৰৰ বাবে নিৰ্ধাৰিত এটা সময়লৈকে অপেক্ষা কৰা হ’ব । যদি আয়োগে উত্তৰ নিদিয়ে তেন্তে 11 টা বিৰোধী ৰাজনৈতিক দলে মতামত গ্ৰহণ কৰি উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তেওঁ কয় (Controversy over constituency delimitation) ।

আনহাতে, তেওঁ আয়োগৰ শুনানিত অংশ লোৱাৰ পাচত অগপ সভাপতি অতুল বৰাই এনআৰচিত কি পালো সেয়া সকলোৱে গম পালো বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভূপেন বৰাই কয় যে, এনআৰচিত কি হ’ল সেই কথা অতুল বৰাই ৰাজহুৱা কৰক । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন চিকদাৰ, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল ।

লগতে পঢ়ক:Delimitation of constituencies : সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত AIUDF দলৰ নেতা আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details