গুৱাহাটী ২৮ জুলাই :অৱশেষত ক্ষমা খুজিলে ভূপেন বৰাই ৷ মহাভাৰততো লাভ জেহাদ আছিল বুলি মন্তব্য কৰি অৱশেষত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ মহাভাৰতত কৃষ্ণ-ৰুক্মিণীৰ বিবাহক প্ৰসংগ টানি আনি লাভ জেহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ভূপেন বৰাই ৷ এই মন্তব্য সন্দৰ্ভত শুকুৰবাৰে পুৱাই এক সংবাদমেল সম্বোধন কৰি সকলোৰে ওচৰত ক্ষমা বিচৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
সংবাদমেলত তেখেতে কয়, ‘‘যোৱানিশা ককাই আহি মোক সপোনত দেখা দিলেহি ৷ দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই মোক নামঘৰলৈ যাবলৈ কৈছে ৷ মুখ্যমন্ত্ৰী নহয়, মোৰ ভকত বৈষ্ণৱলৈ ভয় লাগে ৷ যোৱানিশা ৰাতি ককাই মোৰ সপোনত আহি ক'লে দুটা শব্দ মই ভুলকৈ ক'লো ৷ মোক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে ৷ কিন্তু বেছি বেয়া লাগিছে যেতিয়া এজন সত্ৰাধিকাৰে মোক নামঘৰলৈ যোৱা বন্ধ কৰিব দিছে ৷ মোক নামঘৰলৈ যোৱা বন্ধ নকৰিব, তাতকৈ এনকাউণ্টাৰ কৰক’’ ৷
ভূপেন বৰাই লগতে কয়, ‘‘মই মোৰ জন্ম গাঁৱত এটা নামঘৰ আটকধুনীয়া কৈ বনাই আছোঁ ৷ গাঁৱৰ ৰাইজৰ লগত এটাই চৰ্ত যে, ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিচত মই নামঘৰত পাঠেক হ'ম ৷ কাৰণ ৰাজনীতিয়েই মোৰ শেষ নহয় ৷ ৰাজনীতিৰ পিছত মোৰ নিউজ চেনেল নাই, বাতৰি কাকত নাই, মই নিউজ মেনিপুলেট কৰিব নোৱাৰো ৷ মোৰ ভিতৰৰ চেতনাই মোক জাগ্ৰত কৰিছে ৷’’