অসম

assam

ETV Bharat / state

APCC president Bhupen Bora: দলৰ সকলোকে সকিয়নী ভূপেন বৰাৰ

ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত দলীয় স্থিতিকলৈ বিভ্ৰান্তিকৰ মতামত নিদিবলৈ আৰু বিৰোধী ঐক্য বিনষ্ট কৰিব পৰা কোনো মতামত দিয়াৰ পৰা বিৰত থাকিবলৈ সভাপতি ভূপেন কুমাৰ বৰাৰ দলৰ সকলোৰে প্ৰতি নিৰ্দেশনা জাৰি (Bhupen Bora warns to all of party member) । সংবাদ মাধ্যমৰ আগত সভাপতিৰ নিৰ্দেশনাৰ কথা ক'লে জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই(Senior spokesperson Manjit Mahanta) । নিৰ্দেশনা অমান্য কৰিলে দল বিৰোধী গণ্য কৰা হ'ব ।

By

Published : Feb 5, 2022, 10:44 PM IST

APCC president Bhupen Bora
দলৰ সকলোকে সকিয়নী ভূপেন বৰাৰ

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলৈ দলৰ সকলোকে একপ্ৰকাৰৰ সকিয়নী দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora warns to all of party member) । এই কথা সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই । কংগ্ৰেছ দলে ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপি বিৰোধী সকলো দলৰ ঐক্যবদ্ধ প্ৰাৰ্থী হোৱাটো বিচাৰে বুলি তেওঁ কয় ।

দলৰ সকলোকে সকিয়নী ভূপেন বৰাৰ

তেওঁ লগতে কয় যে, এই বিষয়ত দলীয় অৱস্থান সম্পৰ্কত বিভ্ৰান্তিকৰ মতামত নিদিবলৈ আৰু বিৰোধী ঐক্য বিনষ্ট কৰিব পৰা কোনো মতামত দিয়াৰ পৰা বিৰত থাকিবলৈ সভাপতি ভূপেন কুমাৰ বৰাই আজি দলৰ সকলোৰে প্ৰতি নিৰ্দেশনা জাৰি কৰিছে । এই ক্ষেত্ৰত দলৰ কোনোৱে যদি কিবা মন্তব্য দিয়ে সেয়া তেওঁৰ ব্যক্তিগত মতামত হ'ব আৰু তেনে কাৰ্যক দল বিৰোধী বুলি গণ্য কৰা হ'ব (Such an action will be considered anti party) ।

তেওঁ কয় যে ৰাজ্যসভাৰ এখন আসনত বিজেপি জয়ী হোৱাটো নিশ্চিত আৰু আনখন আসনত বিৰোধীৰ ঐক্যশক্তিয়ে জয়লাভ কৰিব । বিজেপি বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে কংগ্ৰেছে আলোচনা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰত্যেকেই নিজা নিজা প্ৰাৰ্থী দিব বিচৰাটো স্বাভাৱিক কথা । আলোচনাৰ মাজেৰে এটা সিদ্ধান্তত উপনীত হ'ব লাগিব ।

কংগ্ৰেছৰ প্ৰাৰ্থী সন্দৰ্ভত তেওঁ কয় যে আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ উপৰি পৱন সিং ঘাটোৱাৰ, দ্বিজেন শৰ্মা আৰু ৰাণা গোস্বামীৰ নাম চৰ্চালৈ আহিছে ৷

লগতে পঢ়ক:Karnataka Hijab row: হিজাব বিতৰ্কক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে সোচ্ছাৰ বিজেপি

ABOUT THE AUTHOR

...view details