গুৱাহাটী, ৩০ এপ্ৰিল: অসমত এটাৰ পাছতো আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱা দলটোক পুনৰ উদ্ধাৰ কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora)। শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ একেবাৰে শূণ্য হৈ পৰিল (GMC election 2022)। ইফালে দলটোৰ এনে বিপৰ্য্যয় সময়ত বহু নেতাই দল ত্যাগ কৰি নিৰাপদ স্থানত অৱস্থান কৰিছে । লবীকেন্দ্ৰীক ৰাজনীতি, অন্তঃকন্দল আৰু দলত্যাগত কংগ্ৰেছ বিধ্বস্ত হৈ পৰাৰ সময়তে মাহজোৰা ভ্ৰমণসূচী ঘোষণা কৰিছে সভাপতি ভূপেন বৰাই (Campaign to revive congress party)।
দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত অসম ভ্ৰমণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিলৈ যাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী । তেওঁ এই যাত্ৰা তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰিব । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক আৰু যুটীয়া সম্পাদক আদি বিষয়ববীয়াক লগত লৈ দলেবলে ভূপেন বৰাই সাংগঠনিক কাৰ্যসূচী হাতত লৈছে । সেই অনুসৰি ৪ আৰু ৫ মে’ত শদিয়া, ডুমডুমা, ডিগবৈ আৰু মাৰ্ঘেৰিটাত সাংগঠনিক সভাত অংশ গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ।
ইয়াৰ পাছত ৭ আৰু ৮ মে’ত জোনাই আৰু ধেমাজিত, ১০ আৰু ১১ মে'ত ঢকুৱাখনা, উত্তৰ লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়াত, ১৩ আৰু ১৪ মে’ত ধিং আৰু ৰহাত, ১৬ আৰু ১৭ মে’ত ধুবুৰী, গৌৰীপুৰ, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা সমষ্টিত ভূপেন বৰাই সাংগঠনিক সভাত অংশ ল’ব । প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন ২০ মে'ত বৰাকলৈ যাব । ২০ আৰু ২১ মে’ত বৰাক উপত্যকাৰ শিলচৰ, সোণাই, ধলাই, উদাবন্দ আৰু লক্ষীপুৰত দলীয় সভা অনুষ্ঠিত কৰিব ।