গুৱাহাটী, 24 জানুৱাৰী:ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত চলি থকা ভয়ংকৰ বনভূমি ধ্বংসৰ(Deforestation in Dibru Saikhowa) ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নীৰৱতা অৱলম্বন কৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC president Bhupen Bora) । ইয়াক লৈ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা ভূপেন বৰাৰ ৷
মঙলবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক ‘দুমুখীয়া চৰিত্ৰ’ৰ মানুহ বুলি তীব্ৰ কটাক্ষ কৰে(Bhupen Bora slams Himanta Biswa Sarma) । তেওঁ কয় যে, ৰামায়ণত আমি দহখন মুখৰ ৰাৱণক দেখিছিলোঁ । কিন্তু দুখন মুখৰ মুখ্যমন্ত্ৰী আমি দেখা নাছিলোঁ, এতিয়া দেখিলোঁ । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন দুখন মুখৰ মুখ্যমন্ত্ৰী । এফালে উত্তৰ অসমৰ পাভৈ অভয়াৰণ্যৰ অবৈধ দখল উচ্ছেদ(Eviction derive in Assam) কৰাৰ কথা কৈ তেওঁ বাঃ বাঃ ল'ব খোজে আৰু সত্ৰৰ মাটি অবৈধ দখলমুক্ত কৰাৰ বাবে চেষ্টা কৰা বুলি দাবী কৰে ।
সমান্তৰালভাৱে, মুখ্যমন্ত্ৰীয়ে দিহিং-পাটকাই অভয়াৰণ্যত মুকলিকৈ অবৈধ কয়লা খনন(Coal mining in Dehing Patkai) চলাই বনভূমি ধ্বংস কৰা সকলক ৰক্ষণাবেক্ষণ দিয়ে । কয়লাৰ অবৈধ সৰবৰাহ, চোৰাং কাঠৰ সৰবৰাহ দেখিও নেদেখাৰ ভাও দিয়ে একেজন মুখ্যমন্ত্ৰীয়ে বুলিও কটাক্ষ ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰীৰ চৰকাৰে নগাঁও, লখিমপুৰত প্ৰশাসনক ব্যৱহাৰ কৰিছে বনভূমিৰ অবৈধ দখল উচ্ছেদ কৰিবলৈ । আনহাতে তিনিচুকীয়া, মাৰ্ঘেৰিটাত জিলা বন বিষয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষক, মহকুমাধিপতিক ব্যৱহাৰ কৰিছে ‘ৰেট হল মাইনিং’ কৰি কয়লাৰ চোৰাং কাৰবাৰ(Coal syndicate in Assam) কৰি এফালৰ পৰা বৰ্ষাৰণ্যখন ধ্বংস কৰিবলৈ লোৱা দুষ্কৃতিকাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷