অসম

assam

ETV Bharat / state

APCC President Bhupen Bora: দিল্লীলৈ তলব সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া - Congress AIUDF alliance

এ আই ইউ ডি এফৰ লগতে মিত্ৰতাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিক হাই কামাণ্ডে তলব কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ৷ কোনো নিৰ্দিষ্ট বিষয় উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক (APCC President Bhupen Bora) দিল্লীলৈ মাতি পঠিওৱা নাই বুলি উল্লেখ কৰে বৰাই ৷

APCC President Bhupen Bora
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

By

Published : Feb 9, 2023, 9:05 PM IST

দিল্লীলৈ তলব সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,৯ ফেব্ৰুৱাৰী:আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে কংগ্ৰেছৰ পুনৰ মিত্ৰতা হ'ব নেকি বুলি পুনৰ চৰ্চা লাভ কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । বিশেষকৈ এই সন্দৰ্ভত ভূপেন বৰাক হাই কামাণ্ডে দিল্লীলৈ তলব কৰা বুলি ওলোৱা খবৰক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (APCC President Bhupen Bora) ।

নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় যে দিল্লীলৈ তলব কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে বহুত ফোন আহিছে আৰু সকলোৱে আপোচ নকৰাৰ কথা কৈছে । তেওঁক কোনো বিষয় দি দিল্লীলৈ মতা হোৱা নাই বুলি সদৰী কৰি বৰাই কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (Indian National Congress) বিষয়ববীয়াৰ তেওঁক মতাৰ অধিকাৰ আছে আৰু সেই অধিকাৰতে তেওঁক মাতিছে ।

দিল্লীত সভাৰ বাবে তেওঁক মাতি পঠিওৱা বুলি তেওঁ জানিবলৈ দিয়ে । কিন্তু সংবাদ মাধ্যমত বাতৰি এটা ওলোৱাৰ পাচতে দলৰ নেতা-কৰ্মীসকলৰ পালচটো বুজি পোৱা যায় বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো কাৰণতে দলৰ কোনো নেতা-কৰ্মীয়ে এ আই ইউ ডি এফৰে মিত্ৰত‍া (Congress AIUDF alliance) হোৱাটো বিচৰা নাই ।

তেওঁ লগতে কয় যে ৰাহুল গান্ধীয়ে পাঁচ মাহত চাৰে তিনি হাজাৰ কিলোমিটাৰ খোজ কাঢ়িলে আৰু ৩০ টা ৰাজনৈতিক দলক আমন্ত্ৰণ জনালে । কিন্তু তাত এ আই ইউ ডি এফ নাছিল । তেওঁ কয় যে প্ৰদেশ কংগ্ৰেছৰ স্থিতিৰ প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পূৰ্ণ সমৰ্থন আছে । প্ৰদেশ কংগ্ৰেছক আস্থাত লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ৰাজনৈতিক কৌশলসমূহ তৈয়াৰ কৰিব ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ কথাক গুৰুত্বহীন কৰি কোনো সিদ্ধান্ত নলয় সেই কথা এশ শতংশ নিশ্চিত বুলি তেওঁ দাবী কৰে । উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰসংগক লৈ বিশেষ চৰ্চা চলিছিল । কাৰণ প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাক জৰুৰীভাৱে দিল্লীলৈ তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে ।

ধাৰণা কৰা হৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আলোচনাৰ বাবে তলব কৰা হৈছে । যি আলোচনাত স্থান পাব বদৰুদ্দিন আজমল (MP Badruddin Ajmal) নেতৃত্বাধীন এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগ । অৱশ্যে প্ৰত্যক্ষভাৱে ভূপেন বৰাই এই কথা স্বীকাৰ নকৰিলেও আলোচনাৰ বাবে মাতি পঠিওৱাৰ কথা স্বীকাৰ কৰিছে ।

লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছ নিজৰ স্থিতিত অটল হৈ থকাৰ পাচতো কিন্তু বদৰুদ্দিন আজমলে শূন্যত গদা ঘূৰাই হ'লেও কংগ্ৰেছ হাইকমাণ্ডক মিত্ৰতাৰ প্ৰস্তাৱ দি আহিছে৷ ভূপেন বৰাই মিত্ৰতা মানি নল’লেও কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে যে সম্পৰ্ক ঠিকেই আছে তাৰো ইংগিত দি আহিছে আজমলে । অৱশ্যে সকলো বিষয় লোকসভা নিৰ্বাচনৰ পূৰ্বে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক:Assam Paper Mill Scrap Auction : মুখ্যমন্ত্রীৰ ঘনিষ্ঠক পেপাৰ মিলৰ অস্থাৱৰ সম্পত্তি বিক্ৰীৰ অভিসন্ধি: প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details