বিজেপিৰ ৮০ শতাংশ লোক মুখ্যমন্ত্রীৰ লগত নাই গুৱাহাটী, ৩ মে': সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024) ৷ নিৰ্বাচন চমু চপাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল সংগঠনে কাঁকালত টঙালি বান্ধি সাজু হৈছে ৷ ইয়াৰ সমান্তৰালকে সাজু হৈছে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 11 টা দলৰ তিনিটা-চাৰিটা দলে ৷ ঐক্যবদ্ধ হোৱাৰ দলকেইটাৰে কেইবাজনো সদস্যই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷ এই কথা তেওঁলোকে আনুষ্ঠানিকভাৱে জনাইছে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে (APCC President Bhupen Bora on election) ।
বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি বৰাই কয় যে, এইক্ষেত্রত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই । কংগ্ৰেছ দলৰ সাম্ভাব্য প্ৰাৰ্থীসকলক সমষ্টিত কাম কৰি থকাৰ ক্ষেত্রত কোনো বাধা দিয়া হোৱা নাই । আনহাতে, বিজেপিয়ে মুছলমানৰ ভোট লাভৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰা সন্দৰ্ভত তেওঁ কয় যে, পৰিস্থিতি এতিয়া পৰিৱৰ্তন হৈছে (Bhupen Bora reaction on Bjp)। এতিয়া হিন্দুত্ব আৰু হিন্দীৰ প্ৰভাৱ কমি আহিছে । ৰাইজে বুজি পাইছে হিন্দুত্বতকৈ চাকৰি বেছি লাগে, হিন্দীতকৈ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ বেছি লাগে । মৌলিক সমস্যা সমূহকলৈ যেতিয়া ৰাইজ সচেতন হ'ব তেতিয়া বিজেপিয়ে পুৰণা পথ এৰি নতুন পথত যাবলৈ চেষ্টা কৰিব । কিন্তু নতুন পথলৈ যাবলৈ ইমান সহজ নহ'ব (Bhupen Bora slams BJP)।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বিজেপিক 80 শতাংশ লোকে ভোট দিব বুলি কোৱা মন্তব্য প্ৰসংগত সভাপতিগৰাকীয়ে কয় যে, ৰাজ্যৰ কথা বাদেই বিজেপি দলটোৰ 80 শতাংশ লোকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগ এৰা দিছে । ৰমেন ডেকাৰ দৰে বিজেপিৰ জ্যেষ্ঠ নেতাই মন্ত্রীয়ে লগ নিদিয়াকলৈ টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰমেন ডেকাই টুইটৰত উচুপিছে ৷ ‘‘মই বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আছিলো, তাতেই মোৰ এইটো অৱস্থা ৷’’ বুলি ৰমেন ডেকাই মত প্ৰকাশ কৰিছে ৷ দেশৰ কোনো ৰাজনৈতিক দলত এনে পৰিস্থিতি হোৱা নাই (Bhupen Bora on BJP Senior leaders)।
ইতিমধ্যে ৰাজ্যত চৰ্চিত হৈ থকা বহুকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতাই দলৰ প্ৰতি অনিহা আহি দলত্যাগ কৰাৰ কথা চলি থকাৰ মাজতেই ভূপেন বৰাই সেউজ ইংগিত প্ৰদান কৰি কয় যে, লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ বহু নেতা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে । অসমত বিজেপি প্ৰতিষ্ঠাৰ সংগ্ৰামখনত জড়িত কেইবাজনো ব্যক্তিয়ে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে । কংগ্ৰেছে সেই প্ৰশ্নৰ সুদুত্তৰ দিব ৷ অসমত পৰিস্থিতি আৰু পৰিৱৰ্তন হ'ব । অসমত বিজেপিক প্ৰতিষ্ঠা কৰা নেতাসকলে এতিয়া অস্বস্তিৰ মাজত ৰাজনীতি কৰি আছে । তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাবৰ বাবে কংগ্ৰেছৰ মঞ্চখনৰ ওপৰত চকু ৰাখি আছে আৰু কংগ্ৰেছৰ নেতৃত্বৰ লগত আলোচনা চলি আছে বুলি সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
লগতে পঢ়ক:Assam govt grade 3 results: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 11,324 গৰাকী প্ৰাৰ্থী; 11 মে’ত পাব নিযুক্তি পত্ৰ