অসম

assam

ETV Bharat / state

Assam Budget 2023 : ২০২৩-২৪ বৰ্ষৰ বাজেটক নিৰ্বাচনী আখৰা আখ্যা ভূপেন বৰাৰ - নিবনুৱা সমস্যা সমাধান

বৃহস্পতিবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৩-২৪ বৰ্ষৰ বাজেট (Assam Budget 2023) ৷ বিত্তমন্ত্ৰীয়ে দাখিল কৰা এই বাজেটক নিৰ্বাচনী আখৰা আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কিয়নো তেওঁৰ মতে উক্ত বাজেটত নাই দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা সমাধানৰ কোনো প্ৰসংগ (APCC president Bhupen Bora reacts on Assam Budget 2023) ৷

Assam Budget 2023
নিৰ্বাচনক লৈহে দৃষ্টি নিবদ্ধ চৰকাৰৰ

By

Published : Mar 16, 2023, 4:07 PM IST

নিৰ্বাচনক লৈহে দৃষ্টি নিবদ্ধ চৰকাৰৰ

গুৱাহাটী, ১৬ মাৰ্চ :বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটক নিৰ্বাচনী আখৰা আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বাজেটত দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো দূৰদৃষ্টি নাই । বৰং নিৰ্বাচনক লৈহে দৃষ্টি নিবদ্ধ (APCC president Bhupen Bora reacts on Assam Budget 2023) ।

তেওঁ কয় যে বিত্তমন্ত্ৰীগৰাকীৰ ভাষণ বিধানসভাৰ বাজেট ভাষণৰ পৰিৱৰ্তে নিৰ্বাচনী ভাষণৰ আখৰা যেন হে লাগিল । ৰাজ্যখনত চৰকাৰী তথ্য মতে ২২ লাখ নিবনুৱা আছে আৰু তাৰে ১২ লাখতকৈ বেছি আছে শিক্ষিত নিবনুৱা । কিন্তু চৰকাৰখনে বাজেটত ৪০ লাখ নিবনুৱাৰ কথা কৈছে । ৪০ লাখ নিবনুৱাক সংস্থাপন দিলে নিবনুৱা সমস্যাৰ সমাধান কেনেকৈ হ'ব বুলি তেওঁ প্ৰশ্ন কৰে ।

আনহাতে, চৰকাৰখনে দৰিদ্ৰতা নিৰ্মূলৰ কথা কৈছে যদিও বাজেটখন চালে এনে লাগে যেন ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ ৰাজ্য অসম । ১৯ লাখ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন পাই আছে বুলি উল্লেখ কৰে ৷ তেওঁ আৰু কয় যে বাজেটত ইয়াৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি কৰাৰ কথা কৈছে । ইয়াৰ অৰ্থ যে ৰাজ্যখনত দৰিদ্ৰতা কমাৰ বিপৰীতে বৃদ্ধি পাইছে । আনহাতে, আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে যদিও অৰুণোদয় আঁচনিৰ মাত্ৰ ১৫০ টকা বৃদ্ধি কৰা হৈছে ।

তেওঁ লগতে কয় যে ৪০ লাখ পৰিয়ালে খাদ্য সুৰক্ষা আইনৰ অধীনত জীয়াই থাকিব লাগিব । তেওঁ লগতে কয় যে চৰকাৰে বিনামূলীয়া চাউলৰ যোগান ধৰাটো ভাল কথা যদিও এনে পৰিয়ালৰ সংখ্যা কমোৱাটোহে গুৰুত্বপূৰ্ণ কথা । দৰিদ্ৰতা নিৰ্মূলক গুৰুত্ব দিলে হিতাধিকাৰীৰ সংখ্যা কমাব লাগিব ।

বৃদ্ধি পালে দৰিদ্ৰতা নিৰ্মূল হোৱা নুবুজাই বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে চৰকাৰে ৰাজ্যখনক স্বাৱলম্বী কৰাৰ বিপৰীতে কেৱল নিৰ্বাচনী চিন্তা-চৰ্চাৰে হিতাধিকাৰী সৃষ্টিৰ ওপৰত গুৰুত্ব দি আহিছে ।

লগতে পঢ়ক :Assam Budget 2023 : লোক নিৰ্মাণ বিভাগৰ (পথ) বাবে বাজেটত প্ৰায় ১২ কোটি আবণ্টন

ABOUT THE AUTHOR

...view details