অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে: ভূপেন বৰা - Assam Pradesh Congress Committee

নিযুক্তিৰ অনিয়ম-বিসংগতিক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি (APCC President Bhupen Bora)। সংবাদিকে নিযুক্তিৰ ক্ষেত্ৰত প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে ভাবুকি দিয়ে । নিকা চাকৰিৰ কথা ক'লে এজন বিধায়কৰ ঘৰত কাম কৰা পাঁচজন লৰাই চাকৰি পোৱা বুজাই নেকি ? এনে বহু অভিযোগ উত্তাপন কৰি মুখ্যমন্ত্ৰীয়ে বিচাৰিলে লিখিতভাৱে অভিযোগ দিবলৈ সাজু আছে বুলি উল্লেখ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

APCC president bhupen bora react on appointment and other issue
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বুলি মন্তব্য ভূপেন বৰাৰ

By

Published : Sep 20, 2022, 9:06 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ:চাকৰিৰ নামত হোৱা ব্যাপক অনিয়ম-বিসংগতি তথা লুণ্ঠনৰ পৰা দায় সাৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC President Bhupen Bora)। আজি ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে সাংবাদিকে নিযুক্তিৰ ক্ষেত্ৰত প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে ভাবুকি দিয়ে (Assam Pradesh Congress Committee)।

নিকা চাকৰিৰ কথা ক'লে এজন বিধায়কৰ ঘৰত কাম কৰা পাঁচজন লৰাই চাকৰি পোৱা বুজাই নেকি বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে বিচাৰিলে তেওঁ লিখিতভাৱে অভিযোগ দিব । মাৰ্চ মাহৰ ভিতৰত এক লাখ চাকৰি বুলি কৈ এতিয়ালৈকে দিব পৰা নাই । আনহাতে পুলিচৰ চাকৰিৰ ক্ষেত্ৰত ফিজিকেল টেষ্ট হয় বুলি উল্লেখ কৰি তেওঁ কয় যে য'ত দুই নম্বৰী কৰাৰ সুযোগ থাকে তাতে দুইনম্বৰী কৰিছে । অ' এম আৰ চিটত দুইনম্বৰী কৰাৰ কথা তেওঁ সদৰি কৰে (APCC president bhupen bora react on appointment)।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বুলি মন্তব্য ভূপেন বৰাৰ

তেওঁ লগতে অভিযোগ কৰি কয় যে জলসিঞ্চন বিভাগত ৰঙিয়াৰ মানুহে বেছিকৈ চাকৰি পালে । ভৱেশ কলিতাক উদ্দেশ্যি তেওঁ কয় যে তেওঁ ৰঙিয়াৰ নে অসমৰ মন্ত্ৰী আছিল । তেওঁ প্ৰশ্ন কৰি কয় যে মন্ত্ৰী এজনে সমষ্টিৰ লোকক চাকৰি দিব নে ৰাজ্যখনৰ লোকক দিব । লখিমপুৰ, ৰহাত নতুন বিজেপিয়ে চাকৰি পালে, কিন্তু পুৰনা বিজেপিয়ে নাপালে । এই সন্দৰ্ভত বিজেপি কৰ্মীয়ে সৰ্বানন্দ সোণোৱালক অভিযোগ দিছে ।

'কেগ'ৰ প্ৰতিবেদন সন্দৰ্ভত তেওঁ কয় যে চৰকাৰখনে ঋণ কমাবৰ বাবে কোনো প্ৰচেষ্টা হাতত লোৱা নাই । বিজেপি চৰকাৰৰ দিনত ঋণৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে । চৰকাৰৰ আৰ্থিক নীতি ৰাজ্যখনৰ স্বাৰ্থৰ বাবে নহয় । তেওঁ লগতে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে যিকোনো পৰ্যায়লৈকে যাব পাৰে ।

তেওঁ মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাৱে অস্থিৰ আখ্যা দিয়ে । অসমীয়া মানুহৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশ্বাস নাই বুলি অভিযোগ কৰি তেওঁ কয় যে আৰ এছ এছৰ কথা মতে মুখ্যমন্ত্ৰীয়ে অসম চলাই আছে ।

বিজেপি আৰু কংগ্ৰেছৰ সভাপতি সলনিক লৈ হোৱা চৰ্চাৰ প্ৰসংগত তেওঁ কয় যে চাকৰিৰ নামত পইচা লোৱা বাবেই ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনখন থৰক-বৰক হৈছে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ক্ষেত্ৰত তেওঁ কয় যে আমি এটা প্ৰস্তাৱ লৈ দলৰ শীৰ্ষ নেতৃত্বক দিয়া হৈছে আৰু নেতৃত্বই যাকে দিব তাকে আমি ল'ম । শীৰ্ষ নেতৃত্বই চকুৰে ইংগিত দিলে জনালেও তেওঁ লগে লগে সভাপতিৰ আসন এৰি দিব বুলি তেওঁ কয় ।

লগতে পঢ়ক:বিজেপিৰ বিদ্যুতে জ্বলাইছে অসমৰ ৰাইজক : জগদীশ ভূঞাৰ অভিযোগ

ABOUT THE AUTHOR

...view details