গুৱাহাটী, ৬ মে’ : সাংসদ বদৰুদ্দিন আজমলৰ AIUDF দলৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ প্ৰদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ (Congress AIUDF clash) ৷ বিজেপিৰ বিৰুদ্ধে অসম লোকসভা নিৰ্বাচনত ১১ টা ৰাজনৈতিক দলৰ সন্মিলিত মঞ্চৰ পৰা AIUDFক আঁতৰাই ৰখাই নহয়, এইবাৰ আজমল বাহিনীক উৎখাত কৰাৰ হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ৷ তাৰ বাবে পৰিকল্পনাও হাতত লৈছে কংগ্ৰেছে (APCC president Bhupen Bora commented on AIUDF) ৷
আজমলৰ দুৰ্গ দখল কৰিব কংগ্ৰেছে ৷ যোৱা দুদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি আন জ্যেষ্ঠ নেতাসকলৰ হুংকাৰ— কংগ্ৰেছে আজমলৰ দলক পৰাভূত কৰিব পৰাকৈ ৰণ কৌশল প্ৰস্তুত কৰিছে ৷ বিশেষকৈ আজমলৰ দুৰ্গ ৰূপে পৰিচিত যমুনামুখ বিধানসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি দখলৰ টাৰ্গেট কংগ্ৰেছৰ (Congress to occupy AIUDF constituency)৷
শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বই সঘনাই ভ্ৰমণ কৰিছে যমুনামুখ আৰু ধুবুৰী সমষ্টি ৷ দলীয় সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে ৷ মন কৰিবলগীয়া যে কংগ্ৰেছে নিবিচাৰিলেও এআইইউডিএফে আজিৰ তাৰিখতো কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰি আহিছে ৷ ৰাজনৈতিকভাৱে যেন এআইইউডিএফক পুলিয়ে-পুখাই উভলাৰ সংকল্প কংগ্ৰেছৰ ৷
মাত্ৰ এদিন পূৰ্বে যমুনামুখত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই AIUDF কেই নহয়, আজমলকো হুংকাৰ দিয়ে ৷ ভূপেন বৰাই কয় যে, “যমুনামুখ আজমলৰ দুৰ্গ বুলিয়েই কয় ৷ আমি কংগ্ৰেছেহে যমুনামুখ সুৰক্ষিত কৰি ৰাখিছিলো ৷ যুৱ প্ৰজন্মই আজমলৰ ব্যৱসায়িক কাৰচাজি বুজি পাইছে ৷ সেয়ে কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে ৷ যমুনামুখত আজিও যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে যমুনামুখত আজমল হাৰিব ৷ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব বুলি সপোন দেখা প্ৰথমজন লোক হ’ল বদৰুদ্দিন আজমল (Bhupen Bora slams Badaruddin Ajmal) ৷’’