অসম

assam

ETV Bharat / state

মহাভাৰতৰ যুদ্ধত কৌৰৱৰ দৰে বিজেপিয়েও লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিব: ভূপেন‌ বৰা‌

সদ্যসমাপ্ত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত 3 খনকৈ ৰাজ্যত পৰাজিত হোৱাৰ পিচত সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে । এই পৰাজয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ লক্ষ্যক বিচলিত কৰিব নোৱাৰে বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

LATEST ASSEMBLY ELECTION RESULT 2023
গুৱাহাটীত ভূপেন বৰাৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:21 PM IST

Updated : Dec 4, 2023, 5:22 PM IST

গুৱাহাটীত ভূপেন বৰাৰ সংবাদমেল

গুৱাহাটী, 4 ডিচেম্বৰ: দেশৰ তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু ছত্তীশগড়ত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব জয়ৰ বিপৰীতে কংগ্ৰেছ দল সন্মুখীন হয় বৃহৎ পৰাজয়ৰ ৷ কেৱল তেলেংগানাতহে দলে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হয় ৷ এই পৰাজয় সন্দৰ্ভত সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত বৰাই এই পৰাজয় সন্দৰ্ভত কয়, " মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় নিৰ্বাচনত জয়ী হ’ম বুলি যি ব্যক্তিগত সমীক্ষা কৰিছিলো, সেয়া‌ ভুল আছিল । আকৌ এক্সিট পোলৰ সমীক্ষাও ভুল বুলি‌ প্ৰমাণিত হৈছে । কিন্তু তেলেংগনাৰ সমীক্ষা শুদ্ধ পৰিগণিত হৈছে । তেলেংগনাত দুৰ্নীতিৰ বিৰুদ্ধে যি যুঁজ কংগ্ৰেছ দলে দিছিল, তাত ৰাইজে সহযোগিতা আগবঢ়াইছে ।"

বৰাই লগতে কয়, "এই জয়-পৰাজয়ে আমাৰ দলত প্ৰভাৱ নেপেলায় । অসমত অকণো প্ৰভাৱ নেপেলায় এই ফলাফলে । কাৰণ প্ৰতিখন ৰাজ্যৰে ইছ্যু ভিন্ন । কৰ্ণাটক, তেলেংগানা আৰু অসমৰ ইছ্যু একে অৰ্থাৎ এই তিনিখন ৰাজ্যৰ প্ৰধান ইছ্যু হ’ল দুৰ্নীতি ।"

বৰাই কয়, "কংগ্ৰেছ আৰু বি জে পিৰ মাজত এয়া মহাভাৰতৰ যুদ্ধৰ নিচিনা । কৌৰৱে যেনেকৈ অভিমন্যুক বধ কৰি বিজয় উৎসৱ পাতিছিল ।‌ কিন্তু পিছত কৌৰৱ পাণ্ডৱৰ হাতত পৰাস্ত হৈছিল । গতিকে কৌৰৱৰ দৰে বিজেপিয়েও লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিব ।" এই পৰাজয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ লক্ষ্যক বিচলিত কৰিব নোৱাৰে বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ।

শেহতীয়া নিৰ্বাচনী ফলাফলৰ বিশ্লেষণ আগবঢ়ায় বৰাই কয়, "ৰাজস্থানত বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোটদানৰ পাৰ্থক্য মাত্ৰ 2.25 শতাংশ ।‌ আকৌ ছত্তীশগড়ত বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোটদানৰ পাৰ্থক্য মাত্ৰ 4.25 শতাংশ । ইয়াৰ পৰা দেখা যায় যে ৰাইজে কংগ্ৰেছ দলক ভোট দিছে । কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা হেৰাই যোৱা নাই ।"

মূলত দলৰ আত্মবিশ্বাস আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত দলটোৰ অন্যতম বিপৰ্যয়ৰ কাৰণ বুলি বৰাই সংবাদমেলত উল্লেখ কৰে ৷

লগতে পঢ়ক:নিমাওমাও ৰাজীৱ ভৱন ! বিজয়োৎসৱ উদযাপন কৰা নহ’ল ভূপেন বৰাৰ

Last Updated : Dec 4, 2023, 5:22 PM IST

ABOUT THE AUTHOR

...view details