গুৱাহাটী, 3 অক্টোবৰ: অমৃত কলহ যাত্ৰাৰ নামত বি জে পি চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰি আছে বুলি গুৰুতৰ অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । যোৱা ২০ ছেপ্তেম্বৰৰ পৰা বিজেপি চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা ‘মোৰ মাটি মোৰ দেশ' শীর্ষক কাৰ্যসূচীৰ অন্যতম অংশ ‘অমৃত কলহ যাত্ৰা’ৰ সন্দৰ্ভত গুৱাহাটীত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
তেওঁ কয় যে অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ নামত মানুহক ওলাই আহিবলৈ চৰকাৰে বাধ্য কৰিছে । বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ভূপেন বৰাই কয় যে, অংগনবাদী, আশা কৰ্মী, আত্মসহায়ক গোটৰ মহিলাসকলক অমৃত কলহ যাত্ৰালৈ আহিবলৈ বাধ্য কৰা হৈছে । বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক অমৃত কলহ যাত্ৰালৈ আহিবলৈ ধমকি দিয়া হৈছে । অমৃত কলহ যাত্ৰাৰ বাবে বিদ্যালয়ৰ ছয় মাহিলী পৰীক্ষা পৰ্যন্ত পিছুৱাই দিবলগীয়া হৈছে ।
ছাত্ৰ-ছাত্ৰীৰ পঢ়োৱাৰ বাবে শিক্ষকসকলে চৰকাৰক বুজাবলগীয়া হৈছে বুলি উল্লেখ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মানেতৃত্বাধীন বিজেপি চৰকাৰৰ এয়া নিকৃষ্ট ৰাজনীতি বুলি কয় ভূপেন বৰাই ।