গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : অসমত কংগ্ৰেছৰ দলীয় ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ, কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ এখন ‘‘পলিটিকেল এফেয়াৰছ কমিটী’’ গঠন কৰিছে (APCC Political Affairs Committee)৷ এই ১৯ জনীয়া পলিটিকেল এফেয়াৰছ কমিটীখন গঠন কৰিছে এ আই চি চিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Congress President Mallikarjun Kharge)।
ঘোষণা কৰা পলিটিকেল এফেয়াৰছ কমিটীখনত অন্তৰ্ভুক্ত কৰা ১৯ জন সদস্য হ’ল জীতেন্দ্ৰ সিং, ভূপেন কুমাৰ বৰা (Assam Congress President), দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, প্ৰণতি ফুকন, বলিন কুলী, নন্দিতা দাস, অকণ বৰা, ববিতা শৰ্মা, এম জি ভি কে ভানু, নাজিব উল ওমৰ আৰু ৰৌজলিনা তিৰ্কী ৷ কে চি বেণুগোপাল স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰা হৈছে ৷
AICCৰ উদয়পুৰৰ বিশেষ চিন্তন বৈঠকত দেশৰ প্ৰতিখন ৰাজ্যতে এনে একোখন 'পলিটিকেল এফেয়াৰছ কমিটী’ গঠনৰ সিধান্ত লোৱা হৈছিল । এই কমিতিখনৰ প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ “এই কমিটীখনে সুচাৰুৰূপে নিজৰ কাম কৰিলে অসমত কংগ্ৰেছ পুনৰ সবল হৈ উঠিব ৷ এই কমিটীখনে চূড়ান্ত সিদ্ধান্ত দিব পাৰিব আৰু তেওঁলোকে যদি নিবিচাৰে, হোঁহকা-পিচলা কৰি থাকে, হাই কমাণ্ডে যি কয় কৰিম বুলি কয় তেতিয়াহ’লে হাই কমাণ্ডে আমাৰ ওপৰত সিদ্ধান্ত জাপি দিব ৷ গতিকে আমি ‘পলিটিকেল এফেয়াৰছ কমিটী’খনে অসমৰ স্বাৰ্থত সকলো কথা আলোচনা কৰা উচিত ৷”