গুৱাহাটী, 15 আগষ্ট: আজি সমগ্ৰ দেশত উদযাপন কৰা হ’ল 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence Day) ৷ অসম প্ৰদেশ কগ্ৰেছ কমিটীয়ে ৰাজীৱ ভৱনত আয়োজন কৰে স্বাধীনতা দিৱসৰ বিশাল কাৰ্যসূচী ৷ এই কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সভাপতি ভূপেন কুমাৰ বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (APCC President Bhupen Bora hoisted national Flag in Guwahati)।
ইয়াৰ পিছতে ৰাজীৱ ভৱনৰ পৰা দিছপুৰস্থ মানৱেন্দ্ৰ শৰ্মা চৌহদলৈকে প্ৰায় দহ সহস্ৰাধিক কংগ্ৰেছ নেতা-কর্মী আৰু ৰাইজে পদযাত্ৰা কৰি মহানগৰীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । হাতেহাতে জাতীয় পতাকা লৈ দলৰ শীৰ্ষ নেতাসকলৰ লগতে হাজাৰ হাজাৰ কৰ্মীয়ে দেশপ্ৰেমূলক গীতৰ তালে তালে ‘বন্দে মাতৰম’ শ্ল'গান দি পদযাত্ৰাত অংশ লৈ গুৱাহাটীৰ আকাশ-বতাহ কঁপাই তোলে (APCC organized huge rally on Independence Day)।
পুৱা জাতীয় পতাকা উত্তোলন কৰি সভাপতি ভূপেন কুমাৰ বৰাই কয় যে, "ৰাইজৰ এই অভূতপূৰ্ব সঁহাৰিয়ে সমগ্ৰ কংগ্ৰেছ কৰ্মীসকলক নতুন প্ৰেৰণা যোগালে । দেশৰ স্বাধীনতা আন্দোলনত কিঞ্চিতো অৰিহণা নথকা, জাতীয় পতাকাৰ বিৰোধ কৰা আৰু স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ হত্যাকাৰীক ‘দেৱতা’ৰ শাৰীলৈ নিবলৈ অপচেষ্টা কৰা দলটোৰ নেতা-কৰ্মীয়ে আজি স্বাধীনতাৰ ৭৫ বর্ষপূৰ্ণ অনুষ্ঠান আৰু ৭৬ সংখ্যক স্বাধীনতা দিৱস ধুমধামেৰে পালন কৰিবলৈ লোৱাটোৱে আমাক আনন্দিত কৰিছে আৰু এয়া কংগ্ৰেছৰ নেতৃত্বত হোৱা স্বাধীনতা যুঁজৰ অন্য এক সফলতা বুলি আমি গণ্য কৰিছোঁ" ।
স্বাধীনতা দিৱস উপলক্ষে মহানগৰীত কংগ্ৰেছৰ বিশাল পদযাত্ৰা বিশাল পদযাত্ৰাটোত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কোষাধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, ৰেকিবুদ্দিন আহমেদ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, জ্যেষ্ঠ মুখপাত্ৰ কুশল কুমাৰ শৰ্মা, জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰা, যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তসহ বিপুল সংখ্যক যুৱ-কংগ্ৰেছীৰ লগতে গুৱাহাটীৰ নিকটৱৰ্তী জিলাৰ হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:মাজুলীত 76 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত পুলক মহন্তই