গুৱাহাটী, ২৬ ছেপ্টেম্বৰ :সম্পত্তি কৰ আহৰণৰ নামত বহিৰাগত ব্যক্তিগত প্রতিষ্ঠানক গুৱাহাটীৰ নাগৰিকৰ পৰা কৰ-কাটল সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত এম এন দাহাল আৰু মেয়ৰ মৃগেন শৰণীয়াক (APCC memorandum to GMC mayor) সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে (Congress delegation memorandum to GMC commissioner) ।
স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত অসম প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী, দলৰ জ্যেষ্ঠ মুখপাত্রদ্বয় ৰমেন বৰঠাকুৰ আৰু কুশল কুমাৰ শৰ্মা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন কুমাৰ দাস আৰু চানমাৰি ব্লক কংগ্ৰেছৰ সভাপতি চবিণ শর্মা উপস্থিত থাকে ।
স্মাৰক-পত্ৰ প্ৰদান কৰি মনজিৎ মহন্তই কয় যে ৰাজ্য চৰকাৰে সকলোকে অন্ধকাৰত ৰাখি সম্পত্তি কৰ আহৰণৰ নামত বহিৰাগত ব্যক্তিগত প্রতিষ্ঠানক গুৱাহাটীৰ নাগৰিকৰ পৰা কৰ-কাটল সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিবলৈ ষড়যন্ত্র কৰিছে (Assam govt new decision to collect property tax) ।
তেওঁ কয়, "গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দাহালে কংগ্ৰেছ সঁজাতী দলটোৰ সকলো যুক্তি শুনাৰ অন্তত স্বীকাৰ কৰে যে নৱ-গঠিত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গ আৰু নাগৰিকৰ সৈতে আগতীয়াকৈ আলোচনা নকৰাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰাটো অৱশ্যেই ভুল হৈছিল । তদুপৰি, আজি সঁজাতি দলটোৰ আগত আয়ুক্ত দাহালে এই কথাও স্পষ্টকৈ প্ৰকাশ কৰে যে সম্পত্তি কৰৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰা নাছিল, বৰঞ্চ গুৱাহাটী পৌৰ নিগমেই যোৱা আগষ্ট মাহত নিবিদাৰ জাননী জাৰি কৰিছিল ।