গুৱাহাটী, ২ এপ্ৰিল : দিছপুৰৰ উৰণীয়া সেতু উদ্বোধনৰ বাবে আয়োজন কৰা বিয়াগোম অনুষ্ঠানৰ নামত বৃহৎ কেলেংকাৰী হৈছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । একাংশ সংবাদ মাধ্যমৰ উদ্ধৃতি দি আজি অৰ্থাৎ দেওবাৰে এই কেলেংকাৰীক লৈ সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত (Monjit Mahanta criticized Assam CM)।
দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, দিছপুৰৰ উৰণীয়া সেতু ২০২১ চনৰ ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল । আনহাতে, উদ্বোধনী অনুষ্ঠানৰ জাকজমকতাৰ নামত ব্যয় কৰা হৈছিল ৪৬,৯৪,৬৫৭ টকা (Monjit Mahanta on Assam CM)।
তেওঁ লগতে কয় যে উৰণীয়া সেতু উদ্বোধন কৰাৰ ৫ মাহ পাচত উদ্বোধনী অনুষ্ঠানৰ আয়োজনৰ বাবে নিবিদা আহ্বান কৰা হৈছিল । প্ৰকৃততে পচন্দৰ ঠিকাদাৰক আগতে ঠিকাটো দিয়া হৈছিল । যাৰ বাবে উদ্বোধনৰ পাঁচ মাহ পাচত নিবিদা আহ্বান কৰি ৭ মাহ পিচত ঠিকাদাৰজনৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল । অৰ্থাৎ আগতে ঠিক কৰি থোৱা হৈছিল যে কাক নিবিদা দিব (Manjit Mahanta slams Assam CM) ।
এই ঠিকাটো লাভ কৰিছিল ‘‘ড্ৰিম এ মেজ’’ নামৰ এটা প্ৰতিষ্ঠানে আৰু এই প্ৰতিষ্ঠানটোৰ মালিক ভাস্কৰ শৰ্মা । যিজন ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ প্ৰতিষ্ঠান প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ সঞ্চালক । ঠিকাটো মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ নামত নলৈ নিজৰ পৰিবাৰৰ কোম্পানীৰ সঞ্চালক এজনৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ নামত দিলে । টকাটো ডাঙৰ কথা নহয়, কিন্তু এইটো এটা ভয়ানক কেলেংকাৰী ।