গুৱাহাটী, ১৭ নৱেম্বৰ : অসমৰ ৰাজনীতিত এআইইউডিএফে (AIUDF) সুবিধাবাদৰ ৰাজনীতি কৰাৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ (AICC General Secretary Jitendra Singh) । গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে এই অভিযোগ কৰি কয় যে অসমত এতিয়া মহাজোঁটৰ চৰকাৰ চলি আছে (Jitendra Singh slammed AIUDF) ।
বিজেপি (BJP), অগপ (AGP) আৰু এআইইউডিএফৰ এই মহাজোঁট । তেওঁ কয়, "ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত এআইইউডিএফে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দি সহায় কৰি আহিছে । অসমৰ ৰাইজে এই তিনিটা দলক অসমৰ পৰা উৎখাত কৰাৰ সময় আহি পৰিছে ।" তেওঁ বিজেপি চৰকাৰৰ শাসনত অসমৰ কোনো উন্নয়ন সাধন হোৱা নাই বুলি অভিযোগ কৰে । তেওঁ কয় যে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Union Transport Minister Nitin Gadkari) গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দুয়োকাষে এক্সপ্ৰেছ হাইৱে' (Express highway in bank of Brahmaputra) নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ।
কিন্তু আজিলৈকে এই হাইৱে'ৰ কোনো চিনমোকাম নাই । উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra) অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা ভাৰত জোড়ো যাত্ৰা, অসমৰ পদযাত্ৰা বৃহস্পতিবাৰে গুৱাহাটীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হয় (congress Bharat Jodo Yatra Assam) । এই উপলক্ষে পদযাত্ৰাৰ আৰম্ভণিতে এখন ৰাজহুৱা সভা সোণাৰাম খেলপথাৰত অনুষ্ঠিত হয় ।
সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী, ছিকিম কংগ্ৰেছৰ সভাপতি গোপাল ছেত্ৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ৰকিবুল হুছেইন আদিয়ে ভাষণ দিয়ে । সভাত ৰাইজৰ দলৰ হৈ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ভাষণ দিয়ে । উক্ত সভাত সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, আৰু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আদিও উপস্থিত থাকে (APCC meeting at sonaram play ground) ।