গুৱাহাটী,১৬ ফেব্ৰুৱাৰী :মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল কৰা হৈছে এজাহাৰ । লক্ষণীয়ভাৱে বুধবাৰে পুৱাৰ ভাগত দিছপুৰ থানাই প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলৰ পৰা এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত আছিল যদিও অৱশেষত হাতীগাঁও থানাই গ্ৰহণ কৰে এজাহাৰ (APCC lodged an FIR against CM)। উল্লেখ্য যে ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র বসন্ত কুমাৰ শৰ্মা আৰু ভবানী কলিতাই হাতীগাঁও থানাত মুখ্যমন্ত্রীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।
এজাহাৰ যোগে ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয় । ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰৰ নেতৃত্বত যোৱা এটা সজাতি দলৰ এজাহাৰ উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ গ্ৰহণ কৰা নাছিল দিছপুৰ আৰক্ষীয়ে । হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র ভবানী কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰাখণ্ডত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ যোগেদি আমি অপমানবোধ কৰিছো । মুখ্যমন্ত্রীয়ে নাৰী জাতিক অপমান কৰিছে ।
ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দিছপুৰ থানাই বিভিন্ন অজুহাতত প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে । হাতীগাঁও থানাতো প্ৰথমে ল'ব বিচৰা নাছিল যদিও অৱশেষত ল'লে বুলি তেওঁ কয় ।