অসম

assam

APCC Leader Bhupen Borah: এন আৰ চিৰ বিষয়টো জটিল কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব নালাগে: ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 6:53 PM IST

এন আৰ চিৰ বিষয়ক লৈ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ‘‘এন আৰ চি বিষয়টো জটিল কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব নালাগে ৷’’ চৰকাৰলৈ এই আহ্বান এ পি চি চিৰ সভাপতি বৰাৰ ৷

APCC Leader Bhupen Borah
এন আৰ চিৰ বিষয়টো জটিল কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব নালাগে

এন আৰ চিৰ বিষয়টো জটিল কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব নালাগে

গুৱাহাটী, 30 অক্টোবৰ : বহু বিতৰ্কৰ মাজেৰে অসমত 2015 চনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নিতকৰণৰ কাম আৰম্ভ হৈছিল ৷ কিন্তু কোটি টকা খৰচৰ বিনিময়তো বিদেশী চিনাক্ত নহ’ল বা জাতিয়ে শুদ্ধ এন আৰ চি নাপালে ৷ আনহাতে নিৰ্বাচন আহিল কি নাহিল লগে লগে আৰম্ভ হ’ল এন আৰ চিক লৈ ৰাজনীতি ৷

লোকসভা নিৰ্বাচনৰ আগে আগে এ আই ইউ ডি এফৰ সাংসদ তথা সভাপতি বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নক লৈ কংগ্ৰেছক জগৰীয়া কৰি প্ৰায়ে বক্তব্য আগবঢ়াই আহিছে ৷ কংগ্ৰেছৰ বাবেই বোলে এন আৰ চিত মিঞা-মুছলমানৰ নাম কটা যোৱাৰ অভিযোগ আজমলৰ ৷ তাৰ মাজতেই সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এন আৰ চিক লৈ বিশেষ মন্তব্য আগবঢ়াইছে ৷

গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি অনুষ্ঠিত এক সংবাদমেলত এন আৰ চিৰ ভিত্তি বৰ্ষৰ ক্ষেত্ৰত চৰকাৰৰ নিজা স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই বৰাই ৷ তেওঁ কয়, “এন আৰ চি বিষয়টো জটিল কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব নালাগে ৷ চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে ৷ ‘85ৰ চুক্তিখন অমান্য কৰা মানে, পৰিস্থিতি জটিল কৰিবলৈ চেষ্টা কৰা ৷ সেয়ে চৰকাৰে বিষয়টো জটিল কৰিব নালাগে ৷”

এন আৰ চিৰ বিষয়টো যিহেতু ন্যায়ালয়ৰ বিচাৰাধীন বিষয় ৷ সেয়ে এই বিষয়ত বিশেষ মন্তব্য কৰাটো উচিত নহয় বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ আহ্বান, এন আৰ চিৰ ভিত্তি বৰ্ষক লৈ ৰাজ্য চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰা উচিত ৷ ৰাজনৈতিকভাৱে সমাধান হোৱা বিষয় এটা চৰকাৰখনে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে জটিল কৰা অনুচিত ৷

লগতে পঢ়ক:APCC President Bhupen Borah : আজমলে সাংবাদিকক কি ক’ব সেয়াও হেনো অসম চৰকাৰৰ মন্ত্ৰীৰ মতেহে হয় !

ABOUT THE AUTHOR

...view details