গুৱাহাটী, ২৮ মে’ :অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী উত্থাপন কৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছে মৌন প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আই টি বিভাগৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (APCC holds silent protest in Guwahati) ।
মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ কংগ্ৰেছ কৰ্মীসকলে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আই টি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ পাচতে বহু ৰহস্য পোহৰলৈ আহিছে । জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে (Junmoni Rabha mysterious death)।
তেওঁ লগতে কয় যে জোনমণি ৰাভাৰ মাতৃয়ে বাৰম্বাৰ এছ পি লীনা দলেই ডি এছ পিৰে মিলি তেওঁৰ কন্যাক হত্যা কৰা হৈছে বুলি সদৰী কৰিছে । এগৰাকী আৰক্ষী বিষয়া যদি সুৰক্ষিত নহয়, তেন্তে সাধাৰণ জনতা কেনেকৈ সুৰক্ষিত হ'ব বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে ঘটনাৰ ইমান দিন পাচতো তদন্ত প্ৰক্ৰিয়াৰ বিশেষ কোনো অগ্ৰগতি হোৱা নাই ।