গুৱাহাটী, 9 মাৰ্চ :বুধবাৰে ঘোষিত ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপিয়ে 759 টা পৌৰসভাৰ ৱাৰ্ডত জয় লাভ(BJP wins 759 Municipal wards) কৰাৰ বিপৰীতে কংগ্ৰেছ দলে মাত্ৰ 76 টা পৌৰসভাৰ ৱাৰ্ডত জয় লাভ কৰিবলৈ সক্ষম হয় । আনহাতে অজাপ, ৰাইজৰ দল আৰু নিৰ্দলীয়ে মুঠ 141 টা পৌৰসভাৰ ৱাৰ্ডত জয় লাভ কৰে(BJP wins municipal elections 2022) ।
পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ ৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে, পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ বাবে অস্বাভাৱিক নহয় (Apurba Bhattacharjee on congress partys failure) ।
ইফালে বুধবাৰে অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই এই মন্তব্য কৰি কয় যে, বিজেপি যিহেতু এতিয়া শাসনত আছে সেয়ে এতিয়া বিজেপিৰ সময় । ৰাজ্যত পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পিছতে এইবুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷