গুৱাহাটী, ৯ ডিচেম্বৰ: সাংসদ বদৰুদ্দিন আজমলৰ চুমাই কাল হ’ল এজন কংগ্ৰেছ নেতাৰ(AIUDF Chief Badruddin Ajmal) । বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবেই দলৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল কংগ্ৰেছৰ নেতাজন(Expelled from party’s primary membership ) । কামৰূপ(গ্ৰাম্য) জিলাৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে । প্ৰদেশ কংগ্ৰেছৰ পৰা শ্বাহজাহান আলীলৈ ৬ বছৰৰ বাবে বহিষ্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে ।
জানিব পৰা মতে ৭ ডিচেম্বৰত বদৰুদ্দিন আজমলে কাছুমাৰাত আয়োজিত জনসমাৱেশত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত সোণতলীস্থিত শ্বাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাই আলীৰ সৈতে এক বিশেষ বৈঠকত বহিছিল । বৈঠকৰ অন্তক শ্বাহজাহান আলীৰ কপালত মৰমতে চুমা খাইছিল বদৰুদ্দিন আজমলে ।