অসম

assam

ETV Bharat / state

পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ - apcc demands proper enquary

জেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া ৰাজ্যৰ সকলো প্ৰান্ততে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক সংবাদমেলত APCC ৰ সভাপতি ৰিপুন বৰাই কয়, সাংবাদিক গৰাকীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ লগতে ঘটনাৰ লগত জড়িত হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ৷

পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ
পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

By

Published : Mar 29, 2021, 3:54 PM IST

গুৱাহাটী, ২৯ মাৰ্চ: পৰিয়ালৰ অভিযোগ যদি সঁচা হয়, তেন্তে আজিৰ দিনত সাংবাদিকৰ স্বাধীনতা ক'ত ? কিয় নিৰাপত্তাহীনতাত ভোগিবলগীয়া হৈছে সাংবাদিকক সকল ? কিয় বাৰে বাৰে সাংবাদিকৰ কলমটোক ৰুদ্ধ কৰিবলৈ বিছৰা হৈছে ?

সোমাবাৰে পুৱা জেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া ৰাজ্যৰ সকলো প্ৰান্ততে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসম প্ৰদেশ কংগ্ৰেছেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷ সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পূৰ্বজ্যোতি চুতীয়াৰ হত্যাকাৰীক শীঘ্ৰ গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ৷

পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

"জেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ হত্যাকাণ্ড ঘটনাক অসম প্ৰদেশ কংগ্ৰেছে গৰিহণা আৰু নিন্দা দিছোঁ ৷ সাংবাদিক গৰাকীৰ হাত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ঘটনাৰ উচিত তদন্ত হ'ব লাগে ৷ সাংবাদিক গৰাকীৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰি ক্ষতিপূৰণ প্ৰদাণ কৰক ৷ নিৰ্বাচনৰ সময়, সকলোফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাচতো পূৰ্বজ্যোতি চুতীয়াক কেনেদৰে দুবৃৰ্ত্তই হত্যা কৰিব পাৰিলে ? সেয়া চিন্তনীয় বিষয় ৷" সংবাদমেলত ৰিপুন বৰাই কয় ৷

উল্লেখ্য যে, সোমবাৰে পুৱা জেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হয় মহানগৰীৰ হাতীগাঁৱস্থিত বাসগৃহৰ সন্মুখৰ নলাত । যোৱানিশাৰে পৰা গুৱাহাটীৰ হাতীগাঁওস্থিত শেৱালি পথত থকা বাসগৃহৰ পৰাই নিৰুদ্দেশ হৈ আছিল পূৰ্বজ্যোতি চুতীয়া । ইয়াৰ পাচতে পুৱাই ঘৰৰ কাষতে থকা এটা নলাৰ পৰা উদ্ধাৰ হয় সাংবাদিক গৰাকীৰ মৃতদেহ । উক্ত ঘটনাক পৰিয়ালৰ লোকে হত্যাকাণ্ড বুলি সন্দেহ কৰিছে । আনহাতে, আৰক্ষীয়ে প্ৰাথমিক তদন্তত সাংবাদিকগৰাকীৰ ভৰিত কিছু আঘাটৰ চিন প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details