গুৱাহাটী,১৯ মে’ :SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি আই ডিৰ বিপৰীতে ন্যায়ধীশৰ দ্বাৰা কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁ কয় যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য যিমানেই ঘনীভূত হৈছে সিমানেই এজনৰ পিছত আনজন বিজেপি নেতা আৰু কেইবাজনো উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰিছে ৷ তেনেস্থলত CID যিহেতু অসম আৰক্ষীৰে এটা বিভাগ সেয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত এই সমগ্ৰ ৰহস্য উদঘাটন কৰিবলৈ এগৰাকী ন্যায়াধীশৰ জৰিয়তে এই সমস্ত ঘটনাৰ তদন্ত কৰিব লাগে বুলি তেওঁ কয় (Junmoni Rabha case investigation) ৷
তেওঁ লগতে কয় যে, ইতিমধ্যে বিভিন্নজনৰ ৰাজহুৱা ভাষ্যত এই কথা পোহৰলৈ আহিছে যে জোনমণি ৰাভাৰ ‘মৃত্যু’ৰ আঁৰত বিজেপি নেতা আৰু একাধিক উচ্চ-পদস্থ আৰক্ষী বিষয়া জড়িত হৈ আছে ৷ গতিকে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চি আই ডিৰ তদন্তত কংগ্ৰেছ আশ্বস্ত নহয় কংগ্ৰেছ (Enquiry of SI Junmoni case) ৷
এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য অসমৰ ৰাইজ আৰু প্ৰয়াত জোনমণি ৰাভাৰ পৰিয়ালে জনাৰ অধিকাৰ আছে আৰু সেয়ে এগৰাকী কৰ্মৰত ন্যায়াধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ইয়াৰ সৱিশেষ তদন্ত হ’ব লাগে বুলিও কলিতাই উল্লেখ কৰে ৷ তেওঁ কয় যে, য’ত এগৰাকী আৰক্ষী বিষয়াৰ জীৱনৰ নিৰাপত্তাই নাই তাত সৰ্বসাধাৰণ ৰাইজৰ দশা কি হ’ব সেয়া সকলোৱে বুজি পাইছে (Junmoni Rabha news update) ৷