অসম

assam

ETV Bharat / state

কংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা

শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবাগৰাকীও জ্যেষ্ঠ নেতাই বিজেপিত যোগদান কৰিছে ৷ অন্যহাতে নতুন দিল্লীয়ে ছোনিয়া গান্ধীক পুনৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হিচাপে দ্বায়িত্বভাৰ অৰ্পন কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ আহ্বানত দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায় এখন সংবাদ মেল ৷ সংবাদ মেলত কংগ্ৰেছ দলত কোনো খহনীয়া হোৱা নাই আৰু আদৰ্শগত কংগ্ৰেছ কৰ্মীয়ে দল এৰি নাযায় বুলি কৌশলপূৰ্ণ প্ৰত্যুত্তৰ দিয়ে সভাপতিগৰাকীয়ে ৷

By

Published : Aug 11, 2019, 10:26 PM IST

কংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা

  • মহানগৰীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ জৰুৰীকালীন বৈঠক
  • বৈঠকত উপস্থিত থাকে তৰুণ গগৈ, ৰিপুন বৰা আৰু ৰকিবুল হুছেইন
  • কেবাজনো কংগ্ৰেছ নেতাৰ বিজেপিত যোগদানৰ পিচতে এই বৈঠক
  • কংগ্ৰেছ দলত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা
  • সুবিধাবাদীসকল গৈছে আৰু যাব বিছাৰিলে যাব পাৰেঃ ৰিপুন বৰা
  • ভূৱনেশ্বৰ কলিতা যোগদানত কিয় অমিত শ্বাহ নাথাকিলঃ ৰিপুন বৰা
  • আমাৰ মাজত থকা বেয়া তেজ আঁতৰি গৈছেঃ ৰিপুন বৰা
  • ছোনিয়া গান্ধীক দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হোৱাৰ বাবে অভিনন্দন
  • ৰাহুল গান্ধীয়ে দলক পুনৰুত্থান কৰাৰ বাবে লোৱা পদক্ষেপক অভিনন্দন
  • আগন্তক 19আগষ্টত ৰাজীৱ গান্ধীৰ জন্মজয়ন্তীত ৰাজ্যজুৰি সদ্ভাৱনা যাত্ৰা
    কংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা

ABOUT THE AUTHOR

...view details