গুৱাহাটী, ১৭ জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ(Lok Sabha Election 2024) বাবে কংগ্ৰেছ দল তৎপৰ হোৱাৰ সময়তে এখন প্ৰাৰ্থী তালিকাক লৈ প্ৰদেশ কংগ্ৰেছত লাগিছে হৈ-চৈ ৷ বিশেষকৈ প্ৰাৰ্থী তালিকাখনক লৈ সংবাদ মাধ্যমত সৰৱ চৰ্চা চলিছে (Assam congress candidate list for Lok Sabha Election)৷ অৱশ্যে দলৰ শীৰ্ষ নেতৃতই এই তালিকাখনক লৈ কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।
ইফালে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Opposition leader Debabrat Saikia) লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা সন্দৰ্ভত তেওঁ অবগত নহয় বুলি সদৰী কৰিছে । অৱশ্যে বিগত বৰ্ষৰ জানুৱাৰীত অসমৰ ১৪ টা সমষ্টিৰ বাবে ৫০ জনীয়া প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছিল যদিও বৰ্তমান পৰিস্থিতি যথেষ্ট সলনি হৈছে । এইক্ষেত্ৰত বিশেষভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো জড়িত হৈ আছে । তেনেস্থলত পূৰ্বৰ তালিকাখন সলনি হোৱাটো অস্বাভাৱিক নহয় ।
অৱশ্যে বৰ্তমান সময়ত এবছৰ পূৰ্বে প্ৰস্তুত কৰা প্ৰদেশ কংগ্ৰেছৰ ১৪ টা সমষ্টিৰ ৫০ জনীয়া তালিকাখন বিশেষভাৱে চৰ্চালৈ আহিছে । উল্লেখ্য যে লবীকেন্দ্ৰিক ৰাজনীতিত নিমজ্জিত হৈ থকা প্ৰদেশ কংগ্ৰেছত এই তালিকাখন বৰ্তমান সময়ত ৰাজহুৱা কৰাৰ অন্তৰালত ৰাজনৈতিক উদ্দেশ্য নথকা নহয় ৷
এবছৰ পূৰ্বৰ ১৪ টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা ৫০ জনীয়া তালিকা অনুসৰি কৰিমগঞ্জ সমষ্টিত দুজনৰ নাম আছে ৷ তেওঁলোক হৈছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নৈৰিতা জয় শুক্লা(Naiwritaa Joy Shukla) আৰু জ্যেষ্ঠ নেতা শম্ভু সিং মাল্লা ৷ সেইদৰে শিলচৰ সমষ্টিৰ বাবে নাম আছে বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ, জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সজল আচাৰ্য, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অভিজিৎ পাল আৰু বিধায়ক মিছবাহুল ইছলাম লস্কৰ ৷
স্বায়ত্তশাসিত জিলা সমষ্টিৰ বাবে তালিকাত আছে প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সিং টেৰন আৰু প্ৰাক্তন বিধায়ক কে ইংতি৷ ধুবুৰী সমষ্টিত আছে প্ৰাক্তন সাংসদ আব্দুল হামিদ, বিধায়ক ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী আৰু প্ৰাক্তন বিধায়ক মতিউৰ মণ্ডলৰ নাম ৷
কোকৰাঝাৰ সমষ্টিত নাম আছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুচাহাৰী, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ধনেশ্বৰ বড়ো আৰু সঞ্জীৱ ৱাৰিৰ । সেইদৰে বৰপেটা সমষ্টিত আছে বৰ্ত্তমানৰ সাংসদ আব্দুল খালেকৰ নাম । গুৱাহাটী সমষ্টিত আছে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, ববিতা শৰ্মা, প্ৰাক্তন সাংসদ ৰাণী নৰহ, মানস বৰা, ৰমেন বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰৰ নাম ।