অসম

assam

ETV Bharat / state

Rahul Gandhi Conviction Stayed : ন্যায়ালয়ৰ ৰ‍ায়দানক সত্য আৰু ন্যায়ৰ জয় আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ - ৰাহুল গান্ধী

ৰাহুল গান্ধীৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷ আজিৰ এই ৰায়দান বিজেপিৰ কাৰণে এক ডাঙৰ সকীয়নি বুলি কয় সভাপতিজনে ৷

Supreme Court Decision on Rahul Gandhi
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

By

Published : Aug 4, 2023, 6:34 PM IST

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ভূপেন কুমাৰ বৰাৰ

গুৱাহাটী, 4 আগষ্ট : ৰাহুল গান্ধীৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ মোদী উপাধি সম্পৰ্কীয় মন্তব্যৰ বাবে চুৰাটৰ এখন আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা আৰু পৰৱৰ্তী সময়ত গুজৰাট উচ্চ ন্যায়ালয়ে সেই ৰায় বাহাল ৰখাৰ পিছত শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এই ৰায়দানত স্থগিতাদেশ জাৰি কৰে ৷

সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 'সত্যমেৱ জয়তে' বুলি উল্লেখ কৰি কয়-"কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মোদী উপাধি সম্পৰ্কীয় গোচৰত দোষী সাব্যস্ত কৰা ৰায়দানত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা কাৰ্যক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সৰ্বান্তৰিকতাৰে আদৰণি জনাইছোঁ ৷ এয়া সত্য আৰু ন্যায়ৰ জয় ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে দেশৰ সংবিধান প্ৰদত্ত অনুষ্ঠানসমূহৰ প্ৰতি বিশেষকৈ ন্যায়ালয়ৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আৰু আস্থা বৃদ্ধি কৰিলে ৷"

ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে বিজেপিৰ জনবিৰোধী নীতিসমূহ, প্ৰতাৰণা, প্ৰলোভন, প্ৰৱঞ্চনা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিষয়ে মুকলিকৈ প্ৰতিবাদ কৰি অহাৰ কাৰণে বিজেপি চৰকাৰে বিভিন্ন ধৰণে ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ অপচেষ্টা কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে, আজিৰ এই ৰায়দান বিজেপিৰ কাৰণে এক ডাঙৰ সকীয়নি ৷ অনাগত দিনত বিজেপিয়ে দেশৰ সংবিধান প্ৰদত্ত অনুষ্ঠানসমূহক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ এই সকীয়নি বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো অশুভ শক্তিয়ে ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে ৷

বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি আমাক হাৰাশাস্তি কৰিব পাৰিব, কিন্তু সত্য আৰু ন্যায়ৰ পথৰ পৰা আমাক কেতিয়াও বিচলিত কৰিব নোৱাৰে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ তেওঁ লগতে কয় যে বিজেপি দল আৰু চৰকাৰৰ বিফলতাসমূহ আমি নিৰবিচ্ছিন্নভাৱে ৰাইজৰ সন্মুখত উদঙাই যাম ৷ উল্লেখ্য যে নিম্ন আদালতৰ ৰায়ৰ ভিত্তিতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল আৰু এনে পৰিপ্ৰেক্ষিততে ৰাহুল গান্ধীয়ে অতি কমদিনৰ ভিতৰত তেওঁ দীৰ্ঘদিন ধৰি বসবাস কৰা চৰকাৰী বাসভৱনটোও খালী কৰি দিবলগীয়া হৈছিল ৷ আজিৰ ৰায়দানৰ লগে লগে ৰাহুল গান্ধীয়ে পুনৰ সাংসদ পদ ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হৈ পৰিল ৷

লগতে পঢ়ক :Rahul Gandhi Conviction Stayed : উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি বিৰোধীৰ

ABOUT THE AUTHOR

...view details